ৰহাৰ সৰাগাঁৱত কামপুৰ আৰক্ষীৰ অভিযান৷ অভিযানত নকল টকাসহ তিনিজন লোকক আটক। মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই নকল টকাসহ আটক কৰে তিনিওজনক।
ধৃত লোককেইজনৰ পৰা এক পেকেট নকল টকাসহ এটা নকল টকা বনোৱা মেচিন জব্দ কৰে আৰক্ষীয়ে৷ গোপন সূত্ৰৰ পম খেদি কামপুৰ আৰক্ষীয়ে চলাইছিল এই অভিযান৷ ধৃত লোক কেইজন আনাৰুল আলী, নজৰুল ইছলাম আৰু চাহাব উদ্দিন৷ ধৃত তিনিওৰে ঘৰ লখিমমপুৰত বুলি জানিব পৰা গৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 11, 2023, 17:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।