• Home
  • »
  • News
  • »
  • assam
  • »
  • Tragic Story of Three Orphans : অচিৰেই SoS ভিলেজৰ বাসিন্দা হ'ব যোৰহাটৰ কণমানি পাপুলি আৰু দুই ভাতৃ

Tragic Story of Three Orphans : অচিৰেই SoS ভিলেজৰ বাসিন্দা হ'ব যোৰহাটৰ কণমানি পাপুলি আৰু দুই ভাতৃ

এছঅ'এছ ভিলেজত কণমানিকেইটা থাকিলে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব । ২৫ বছৰ বয়সলৈকে তেওঁলোকৰ শিক্ষা তথা থকা-খোৱা সকলোৰে দায়িত্ব লোৱা হ'ব।

এছঅ'এছ ভিলেজত কণমানিকেইটা থাকিলে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব । ২৫ বছৰ বয়সলৈকে তেওঁলোকৰ শিক্ষা তথা থকা-খোৱা সকলোৰে দায়িত্ব লোৱা হ'ব।

এছঅ'এছ ভিলেজত কণমানিকেইটা থাকিলে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব । ২৫ বছৰ বয়সলৈকে তেওঁলোকৰ শিক্ষা তথা থকা-খোৱা সকলোৰে দায়িত্ব লোৱা হ'ব।

  • Share this:
যোৰহাটৰ পিতৃ-মাতৃহীন কণমানিকেইটাৰ জীৱনৰ গতিপথ সলনি হ'বলৈ গৈছে । অচিৰেই এছঅ'এছ ভিলেজ (SoS Village)ৰ সদস্য হ'ব এই কণমানিকেইটা য'ত তেওঁলোকৰ ২৫ বছৰ বয়সলৈকে সকলো দায়িত্ব লোৱা হ'ব ।

কণমানি তিনিটিলৈ বিগত কেইদিনত হৃদয়ৱান লোকসকলে আগবঢ়োৱা সহায়ৰ বাবে সকলোলৈকে কৃতজ্ঞতা জনাইছে কণমানি পাপুলিয়ে । হঠাতে হোৱা এই পৰিৱৰ্তন দেখি কিছু আচৰিতো হৈছে তেওঁলোক । কাৰণ পিতৃ-মাতৃ জীৱিত থকা অৱস্থাত চৰকাৰী আঁচনিৰ সহায় বিচাৰি ব্যৰ্থ হ'ব লগা হৈছিল এই আৰ্থিক ভাৱে অতিকৈ পিছপৰা পৰিয়ালটো ।

NEWS18 ডিজিটেলত বাতৰি প্ৰচাৰৰ পিছতে শিশুকেইটিক চৰকাৰৰ সমাজ কল্যাণ বিভাগে সুৰক্ষিত ভৱিষ্যতৰ বাবে এছঅ'এছ ভিলেজলৈ নিয়াৰ পৰিকল্পনা কৰিছে । যোৰহাটৰ জিলা সমাজ কল্যাণ বিষয়া তথা ভাৰপ্ৰাপ্ত শিশু সুৰক্ষা বিষয়াগৰাকীকে ধৰি এটি দল কণমানিকেইটাৰ ঘৰলৈ গৈ আত্মীয়সকলক এই প্ৰস্তাৱ দিয়ে । লগতে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে বাকী কণমানি দুটাৰ নামত বেংক একাউণ্ট খোলাৰো ব্যৱস্থা কৰে ।

যোৰহাটৰ জিলা সমাজ কল্যাণ বিষয়া তথা ভাৰপ্ৰাপ্ত শিশু সুৰক্ষা বিষয়া ৰাজকুমাৰ কেডিয়াই কয় যে এছঅ'এছ ভিলেজত কণমানিকেইটা থাকিলে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব । ২৫ বছৰ বয়সলৈকে তেওঁলোকৰ শিক্ষা তথা থকা-খোৱা সকলোৰে দায়িত্ব লোৱা হ'ব । আনহাতে জিলা সমাজ কল্যাণ বিষয়াগৰাকীয়ে কণমানিকেইটাৰ জৰাজীৰ্ণ বাসগৃহটো দেখি আচৰিত হয় আৰু পৰিয়ালটোৱে যাতে এটা চৰকাৰী গৃহ লাভ কৰে তাৰ বাবে চৰকাৰৰ জৰিয়তে প্ৰচেষ্টা হাতত ল'ব বুলি জানিবলৈ দিয়ে ।

"কণমানিকেইটাক আমি এছঅ'এছ ভিলেজলৈ পথাব বিচাৰিছোঁ। আত্মীয়সকলৰ সন্মতি পালেই আমি সেই দিশত আগবাঢ়িব পাৰোঁ। তেওঁলোকৰ আত্মীয়সকলে সিদ্ধান্ত জনাবলৈ তিনি-চাৰিদিনৰ সময় লৈছে।" জিলা সমাজ কল্যাণ বিষয়া তথা ভাৰপ্ৰাপ্ত শিশু সুৰক্ষা বিষয়া ৰাজকুমাৰ কেডিয়াই এনেদৰে কয় ।

আনহাতে NEWS18ক জানিবলৈ দিয়া মতে কণমানিকেইটিক এছঅ'এছ ভিলেজলৈ নিয়াৰ প্ৰস্তাৱত সন্মতি জনাইছে পাপুলিহতৰ আত্মীয়সকলে। শুকুৰবাৰে এই বিষয়ে আনুষ্ঠানিক ভাৱে সমাজ কল্যাণ বিভাগক জনাব আত্মীয়সকলে ।

এনেদৰেই বৰ্তমান কণমানিকেইটাৰ ভৱিষ্যত সলনি হোৱাৰ পথত । এছ অ'এছ ভিলেজত ২৫ বছৰ বয়সলৈকে তেওঁলোকৰ সকলো দায়িত্ব লোৱা হ'ব । কিন্তু কণমানিকেইটাৰ ইচ্ছা হ'ল তিনিওটি ভাতৃ-ভগ্নী একেলগে থকা । পাপুলিয়ে বিচাৰে কণমানি ভাতৃদ্বয়ক মৰমৰ এনাজৰীৰে বান্ধি নিজৰ লগত ৰাখিবলৈ।
Published by:Manjumoni Borah
First published: