বুধবাৰে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান গুৱাহাটীৰ এছঅ'এছ ভিলেজ (SOS Village) কৰ্তৃপক্ষই যোৰহাটৰ বাসগৃহৰ পৰা কণমানিকেইটাক লৈ যায় ।
বুধবাৰে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান গুৱাহাটীৰ এছঅ'এছ ভিলেজ (SOS Village) কৰ্তৃপক্ষই যোৰহাটৰ বাসগৃহৰ পৰা কণমানিকেইটাক লৈ যায় ।
যোৰহাটৰ দহোটীয়া বৰখঙীয়া গাঁৱৰ পিতৃ-মাতৃহীন কণমানিকেইটাৰ কথা আপোনাৰ নিশ্চয় মনত আছে । পিতৃ-মাতৃক হেৰুৱাই এটা জৰাজীৰ্ণ ঘৰত বসবাস কৰি অহা দুই ভাতৃ আৰু পাপুলিৰ মুখত আজি হাঁহি । কাৰণ পাপুলিহঁতৰ ঠিকনা আজিৰে পৰা সলনি হ'ল ভৱিষ্যতৰ সুৰক্ষাৰ বাবে।
যোৰহাটৰ পিতৃ-মাতৃহীন কণকণ দুই ভাতৃক লৈ তেৰ বছৰীয়া পাপুলিৰ জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ হৈছিল NEWS18 ডিজিটেলত । ইয়াৰ পিছতে বহু হৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়াইছিল কণমানিকেইটালৈ । চৰকাৰী কেইবাটাও বিভাগ আগবাঢ়ি আহিছিল চৰকাৰী আঁচনিৰ জৰিয়তে পাপুলিহঁতক সহায় কৰিবলৈ । কিন্তু সকলোৱে অপেক্ষা কৰিছিল কণমানিকেইটাৰ সুৰক্ষিত ভৱিষ্যতৰ এটি উপায়ৰ বাবে ।
অৱশেষত সেই দিনটো আহিল । চৰকাৰৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ জৰিয়তে কণমানিকেইটাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান এছ অ' এছ ভিলেজ । বুধবাৰে যোৰহাটৰ কণমানিকেইটাক লৈ যোৱা হয় গুৱাহাটীৰ আজাৰাস্থিত এছঅ'এছ শিশু গাঁৱলৈ । এক নতুন সুৰক্ষিত ঠিকনা লাভ কৰি কণমানি পাপুলিহঁতৰ মুখত আজি হাহি বিৰিঙিছে । কিন্তু পিতৃৰ ঘৰখন তথা আত্মীয়সকলক এৰি থৈ যাব লগা হোৱা বাবে দুচকুৰে চকুপানীও নিগৰিছে পাপুলিৰ ।
এছঅ'এছ ভিলেজ (SOS Village)ত পাপুলিহঁতৰ ২৩ বছৰ বয়স হোৱালৈকে থকা-খোৱা , শিক্ষাৰ সকলো ব্যৱস্থা লোৱা হ'ব । বুধবাৰে এছঅ'এছ ভিলেজ কৰ্তৃপক্ষই যোৰহাটৰ বাসগৃহৰ পৰা কণমানিকেইটাক লৈ যায় । বিশ্বৰ ১২৩ খন দেশত এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ শিশুসকলৰ প্ৰতিপালনৰ বাবে আছে বিশেষ ব্যৱস্থা । ভাৰতত ৩২খন এনে এছঅ'এছ শিশু গাঁও আছে ।
"আমাৰ এছঅ'এছ শিশু গাওঁখনত বিভিন্ন বয়সৰ ২৪০টা ল'ৰা-ছোৱালী আছে । তেওঁলোকে বিভিন্ন পৰ্যায়ত শিক্ষা গ্ৰহণ কৰি আছে । তেওঁলোকৰ দৰে এই কণমানিকেইটায়ো সকলো সুবিধা পাব । সমগ্ৰ বিশ্বৰ ১৩৬খন দেশৰ লগতে ভাৰতত ৩২ খন এনে এছঅ'এছ ভিলেজ আছে আৰু১২২খন স্কুল, কলেজ, নাৰ্ছিং স্কুলকে ধৰি বিভিন্ন ধৰণৰ প্ৰকল্প আছে।" গুৱাহাটীৰ এছঅ'এছ শিশু গাঁৱৰ সঞ্চালক সুবোধ দাসে এনেদৰে কয় ।
গাৱঁৰ কেইগৰাকীমান সচেতন যুৱকৰ প্ৰচেষ্টা তথা NEWS18 ডিজিটেলত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বহু হৃদয়ৱান লোকৰ সদিচ্ছাৰ বাবে আজি পাপুলিহঁতে এটা নতুন জীৱনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ল । সকলোৱে পাপুলিহঁতৰ এটা সুন্দৰ ভৱিষ্যত কামনা কৰিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|