অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ অন্তৰ্গত ৱাক্রাৰ সমীপৰ খগলা গাঁৱৰ অৰণ্যত অসম ৰাইফলছ আৰু NSCNৰ (k2) গোটৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়।
নিৰাপত্তা বাহিনীৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত অঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ কেডাৰে ভয়াবহ পৰিকল্পনা ৰূপায়ন কৰাৰ উদ্দেশ্যেৰে বাহৰ পাতি থকাৰ তথ্য লাভ কৰি খুনচা স্থিত ৬ নং অসম ৰাইফলছৰ এটা দলে অভিযান চলায়। উগ্ৰপন্থী দলটোৰ সৈতে মুখামুখি হোৱাত এন এছ চি এনৰ দলটোৱে অত্যাধুনিক অস্ত্ৰ শস্তৰে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে । প্ৰত্যুত্তৰত অসম ৰাইফলছেও দলটোৰ ওপৰত আক্ৰমণ কৰাত ঘটনাস্থলীতে এন এছ চি এন (k2)ৰ তিনিটাকৈ দুধর্ষ উগ্ৰপন্থী নিহত হোৱাৰ লগতে আন উগ্ৰপন্থী কেইটা গভীৰ অৰণ্যৰ সুযোগ লৈ পলায়ন কৰে। আনহাতে এই সংঘৰ্ষত অসম ৰাইফলছৰ কোনো এজনো লোক হতাহত হোৱা নাই বুলি প্ৰকাশ কৰিছে নিৰাপত্তা সূত্ৰটোৱে।
উল্লেখযোগ্য যে এতিয়ালৈকে নিহত উগ্ৰপন্থী কেইটাৰ পৰিচয় লাভ কৰিবলৈ নিৰাপত্তা বাহিনী সক্ষম হোৱা নাই যদিও আটাইকেইটা উগ্ৰপন্থীৰে ঘৰ ম্যানমাৰত বুলি প্ৰকাশ কৰিছে অসম ৰাইফলছে। আনহাতে সংঘর্ষত নিহত হোৱা উগ্ৰপন্থী কেইটাৰ পৰা আৰক্ষীয়ে তিনিটাকৈ অত্যাধুনিক AK-81 ৰাইফল, ৬ টা মেগজিন, শতাধিক AK ছিৰিজৰ গুলী, মোবাইল হেণ্ডছেট আৰু যথেষ্ট সংখ্যক চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ম্যানমাৰ সীমান্তবর্তী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সকলে ম্যানমাৰৰ পৰা ভাৰতত প্ৰবেশৰ বাবে গোপন পথ ৰূপে সততে ব্যৱহাৰ কৰি অহা উক্ত অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ তিনিজনকৈ দুধর্ষ কেডাৰক এনেদৰে নিহত কৰা ঘটনা নিৰাপত্তা বাহিনীৰ বাবে বৃহৎ সাফল্য ৰূপে পৰিগণিত হৈছে। মনকৰিবলগীয়া যে আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই সংঘর্ষ বাতৰি প্ৰেৰণ কৰাৰ পৰলৈকে অব্যাহত আছে।উল্লেখযোগ্য যে ১১ তাৰিখৰ পুৱতি নিশাও অসম আৰু অৰুণাচল সীমান্তৰ দেউমালীত ভাৰতীয় সেনাই এন এচ চি এন আই এমৰ বিৰুদ্ধে অভিযান চলাই এজন কেডাৰক নিহত আৰু দুজনকৈ কেডাৰক গুৰুতৰ ভাৱে আহত কৰিছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 15, 2021, 20:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।