ৰাষ্ট্ৰীয় ঘাইপথত খোল খাইছে ইখনৰ পিছত সিখন টোলগেট। ৰহাৰ পিছতে সোণাপুৰ আৰু ডবকাটো মুকলি কৰা হৈছে টোলগেট। টোলগেটৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে অব্যাহত ৰখা প্ৰতিবাদলৈ কোনো গুৰুত্ব নিদি চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু মেৰামতিৰ দোহাই দি নিৰ্মাণ কৰিছে ইখনৰ পিছত সিখন টোলগেট। আনকি উচ্চ নিৰিখত টোল সংগ্ৰহ কৰাক লৈ যান-বাহনৰ মালিক তথা টোলগেট কৰ্মচাৰীৰ মাজত হোৱা বিবাদে নিতৌ সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰি আহিছে।
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, মেৰামতিৰ নামত নিৰ্মাণ কৰা টোল গেট ঠিকেই স্থাপন হৈছে। কিন্তু পৰি ৰৈছে ঘাইপথৰহে নিৰ্মাণ কাৰ্য।
ৰাজ্যত কি পৰ্য্যায়ত আছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাম?
শেহতীয়াভাৱে নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পৰা চামগুৰি ৰঙাগড়ালৈ অসম্পূৰ্ণ হৈ থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে এই প্ৰশ্নৰেই সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, এই পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰা টি এণ্ড কে ইঞ্জীনিয়াৰিং নামৰ কোম্পানীটোৰ নিম্ন পৰ্য্যায়ৰ কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। আনকি সেই প্ৰতিষ্ঠানটোৰ পৰা পথ নিৰ্মাণৰ দায়িত্ব আন প্ৰতিষ্ঠানক দিয়াৰ চিন্তা-চৰ্চাও চলিছিল।
বিগত দুটা বছৰে আগবঢ়া নাই পথ মেৰামতিৰ কাম। যাৰ ফলত গুৱাহাটীৰ পৰা উজনি অসমলৈ যোৱা প্ৰতিজন যাত্ৰীয়ে ৰহাত টোলটেক্স দিয়াৰ পিছত মাত্ৰ ২০ কিলোমিটাৰহে মসৃণ পথত গাড়ী চলাব পাৰে। কাৰণ উৰিয়াগাঁও পোৱাৰ পিছতে যাত্ৰী সকলে ৰঙাগড়ালৈকে অসম্পূৰ্ণ অৱস্থাত থকা পথৰে অহা-যোৱা কৰি নিতৌ দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|