কাজিৰঙালৈ আহিল এটা ভাল খবৰ। ৰাজ্যৰ আন দুখন ব্যাঘ্র প্ৰকল্পস্থলীৰ লগতে কাজিৰঙাই লাভ কৰিলে "বাঘ সংৰক্ষণ নিশ্চিত মান"ৰ (Conservation assured Tiger standards) প্ৰমাণ পত্ৰ। কাজিৰঙা, ওৰাং আৰু মানাহ ব্যাঘ্র প্ৰকল্পস্থলীয়ে পালে এই সন্মান। দেশৰ ৫১খন ব্যাঘ্র প্ৰকল্পস্থলীৰ ভিতৰত ১৪খন ব্যাঘ্র প্ৰকল্পস্থলীয়ে লাভ কৰিছে এই প্ৰমাণ পত্ৰ।
বৃহস্পতিবাৰে আন্তৰ্জাতিক বাঘ দিৱসৰ লগত সংগতি ৰাখি NTCA কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেনদৰ যাদৱে ভিডিঅ' কনফাৰেন্সিংযোগে এই ঘোষণা কৰে। Conservation assured Tiger standards সন্মান চমুকৈ CATS স্বীকৃতিৰ বাবে ভাৰতবৰ্ষৰ ৫১খন ব্যাঘ্র প্ৰকল্পস্থলীয়ে আবেদন কৰিছিল। ৫১ খন ব্যাঘ্র প্ৰকল্পস্থলীৰ ভিতৰত ১৪খনেহে এই সন্মান লাভ কৰে। ইয়াৰে তিনিখন অসমৰ ব্যাঘ্র প্ৰকল্পস্থলীয়ে লাভ কৰে এই স্বীকৃতি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জানিবলৈ দিয়া মতে, বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্পই লাভ কৰা এই স্বীকৃতিৰ বাবে আগন্তুক সময়ত ঢেকীয়াপতীয়া বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক হ'ব। কিয়নো এই স্বীকৃতি পোৱাৰ পাছত ব্যাঘ্র প্ৰকল্পস্থলীসমূহে আন দেশত কিদৰে বাঘ সংৰক্ষণ কৰা হয়, সেই কথা তথ্যভিত্তিক জানিব পাৰিব।
আনহাতে বাঘৰ বসতিপূৰ্ণ বিদেশী ৰাষ্ট্ৰসমূহেও কাজিৰঙা বা আন ব্যাঘ্র প্ৰকল্পস্থলীৰ পৰা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰিব পাৰিব। উল্লেখ্য যে ২০১৩ চনত ঢেকীয়াপতীয়া বাঘৰ বসতিপূৰ্ণ ১৩ ৰাষ্ট্ৰই মিলি বাঘ সংৰক্ষণৰ ক্ষেত্ৰত গঠন কৰিছিল CATS নামৰ অনুষ্ঠানৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|