অভিযানকালত বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত দাবনদীয়াৰ ইনামূল হক নামৰ লোক এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে।
অভিযানকালত বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত দাবনদীয়াৰ ইনামূল হক নামৰ লোক এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে।
বঙাইগাঁৱৰ অভয়াপুৰীত হস্তনিৰ্মিত বন্দুকসহ তিনিজনক আটক। গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত অভয়াপুৰী আৰক্ষীৰ দলে অভিযান চলাই ডুমুৰীয়া ২য় খণ্ডত এটা হস্তনিৰ্মিত বন্দুকৰ লগতে ৫ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ অভিযানকালত বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত দাবনদীয়াৰ ইনামূল হক নামৰ লোক এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে।
পৰৱৰ্তী সময়ত ইনামূল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত কলগাছিয়া থানাৰ অন্তৰ্গত ৰহিম আলী আৰু কিচমত আলীক আৰক্ষীয়ে আটক কৰে। উক্ত লোককেইজনে ডকাইতিৰ পৰিকল্পনাৰে অভয়াপুৰী চহৰত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|