ৰংজুলিত তিনি নাবালিকাক খেদি খেদি দলবদ্ধ বলাৎকাৰ তিনি পাষণ্ডৰ, সমগ্ৰ কাণ্ড ৰেকৰ্ডিং কৰিলে মোবাইলত

News18 Assam | News18-Assam
Updated:October 28, 2020, 12:19 PM IST
ৰংজুলিত তিনি নাবালিকাক খেদি খেদি দলবদ্ধ বলাৎকাৰ তিনি পাষণ্ডৰ, সমগ্ৰ কাণ্ড ৰেকৰ্ডিং কৰিলে মোবাইলত
২২ অক্টোবৰ অৰ্থাৎ দুৰ্গোৎসৱৰ ষষ্ঠীৰ নিশা ৰংজুলিত পূজা চাই ঘৰলৈ উভতি গৈ থকাৰ সময়তে নাবালিকা তিনিগৰাকীক বাট আগচি ধৰে যুৱকৰ এটা দলে৷

২২ অক্টোবৰ অৰ্থাৎ দুৰ্গোৎসৱৰ ষষ্ঠীৰ নিশা ৰংজুলিত পূজা চাই ঘৰলৈ উভতি গৈ থকাৰ সময়তে নাবালিকা তিনিগৰাকীক বাট আগচি ধৰে যুৱকৰ এটা দলে৷

  • Share this:
ৰাজ্যত পুনৰ সংঘটিত হ’ল জঘন্য বলাৎকাৰ কাণ্ড৷ দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনাখনেই তিনি পাষণ্ডই খেদি খেদি বলাৎকাৰ কৰিলে তিনিগৰাকী নাবালিকাক৷ ধৰ্ষিতাৰ ফেচবুক পোষ্টে পোহৰলৈ আনিলে এই  পাশৱিক কাণ্ড৷ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হ’ল গোৱালপাৰাৰ ৰংজুলিৰ মাজমজিয়াত৷

যোৱা ২২ অক্টোবৰ অৰ্থাৎ দুৰ্গোৎসৱৰ ষষ্ঠীৰ নিশা ৰংজুলিত পূজা চাই ঘৰলৈ উভতি গৈ থকাৰ সময়তে নাবালিকা তিনিগৰাকীক বাট আগচি ধৰে যুৱকৰ এটা দলে৷ তাৰ পৰা দৌৰি পলাব ধৰোতেই পাষণ্ড কেইটাই খেদি খেদি উপৰ্যুপৰি বলাৎকাৰ কৰে নাবালিকা কেইগৰাকীক৷ অকল এই অপকৰ্মতেই ক্ষান্ত নাথাকি পিশাচকেইটাই ধৰ্ষণৰ সমগ্ৰ কাণ্ড মোবাইল ফোনত ৰেকৰ্ডিং কৰি নাবালিকাকেইগৰাকীক কৰিছিল ব্লেকমেইলিং৷

এই পাশৱিক কাণ্ড সংঘটিত কৰি বলাৎকাৰী তিনি যুৱকে সমস্ত ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও এগৰাকী ধৰ্ষিতাৰ দুটাকৈ ফেচবুক পোষ্টে সমগ্ৰ ঘটনা পোহৰলৈ আনে৷ ইয়াৰ পিছতে স্থানীয় দল–সংগঠনে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লয় আৰু ৰাজহুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰি ধৰ্ষণকাৰী তিনি যুৱকৰ ভিতৰত দুটাক কৰায়ত্ব কৰি ৰংজুলি আৰক্ষীক গতাই দিয়ে৷

আৰক্ষীক গতাই দিয়া দুই পাষণ্ড ক্ৰমে হিৰণ সূত্ৰধৰ আৰু বাপুকণ দাস৷ পিছত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সৌৰভ দাসক। এই ঘটনাক একে মুখে গৰিহণা দি ৰংজুলিৰ স্থানীয় ৰাইজৰ লগতে আৰছু, আক্ৰাছু আৰু এবছুয়ে ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে পলাতক সৌৰভ দাসক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ বাবে প্ৰশাসনক দাবী জনাইছে৷
Published by: Sanjay Kumar Das
First published: October 28, 2020, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading