ডিমৌত সংঘটিত হৈছে শোকাৱহ ঘটনা। নদীত গা ধুবলৈ গৈ সলিল সমাধি তিনি কিশোৰৰ।

News18 Assam | News18-Assam
Updated:April 7, 2021, 9:36 AM IST
ডিমৌত সংঘটিত হৈছে শোকাৱহ ঘটনা। নদীত গা ধুবলৈ গৈ সলিল সমাধি তিনি কিশোৰৰ।
দীপ বাউৰী, আকাশ ভূঞা আৰু জিণ্টু কৰ্মকাৰ নামৰ কিশোৰ তিনিটাৰ মৃতদেহ উদ্ধাৰ

দীপ বাউৰী, আকাশ ভূঞা আৰু জিণ্টু কৰ্মকাৰ নামৰ কিশোৰ তিনিটাৰ মৃতদেহ উদ্ধাৰ

  • Share this:
ডিমৌৰ দিৰৈ নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আকোৱালি ল'লে ৩টি কিশোৰে। মঙলবাৰে দুপৰীয়া নৈখনত গা ধুবলৈ গৈছিল দীপ বাউৰী, আকাশ ভূঞা আৰু জিণ্টু কৰ্মকাৰ নামৰ কিশোৰ তিনিটা। কিন্তু নৈত গা ধুই থাকোতেই সলিল সমাধি ঘটে তিনিওৰে।

মঙলবাৰে দীপ বাউৰী নামৰ কিশোৰটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি পুৱাই উদ্ধাৰ হয় আকাশ ভূঞা আৰু জিণ্টু কৰ্মকাৰৰ মৃতদেহ উদ্ধাৰ। আজি স্থানীয় ৰাইজ আৰু ডুবাৰো বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ দুটা।

মৃত আকাশ ভূঞাৰ ঘৰ চুমনিবস্তিত আৰু জিণ্টু কৰ্মকাৰৰ ঘৰ ডিব্ৰুগড়ত। দীপ বাউৰী আৰু আকাশ ভূঞাৰ বয়স ১২ বছৰ আৰু জিণ্টু কৰ্মকাৰৰ বয়স আছিল ১৪ বছৰ।
Published by: Manjumoni Borah
First published: April 7, 2021, 9:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি