বৰপেটাত JMBৰ সৈতে জড়িত ৩ জেহাদীক গ্ৰেপ্তাৰ

বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া অঞ্চলত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ৷

News18-Assam
Updated:July 31, 2019, 10:28 AM IST
বৰপেটাত JMBৰ সৈতে জড়িত ৩ জেহাদীক গ্ৰেপ্তাৰ
বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া অঞ্চলত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ৷
News18-Assam
Updated: July 31, 2019, 10:28 AM IST
স্বাধীনতা দিৱসৰ পূৰ্বে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা৷ বৰপেটাত JMBৰে জড়িত ৩ জেহাদীক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত হাফিজুৰ ৰহমান, ইয়াকুব আলী আৰু ছৰিফুল ইছলাম। ধৃত হাফিজুৰ ৰহমানৰ ঘৰ কাৰাগাড়ী গাঁৱত। ইয়াকুব আলীৰ ঘৰ কয়াকুছি পামত আৰু ছৰিফুল ইছলামৰ ঘৰ কয়াকুছিত। ভৱানীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে JMB সদস্যকেইটাক। ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটাইকে। বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে স্পষ্ট কৰিছে এই কথা।

২০১৪ চনতে মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল তিনি জেহাদীয়ে। বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া অঞ্চলত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ৷ বৰ্ধমানৰ বোমা বিস্ফোৰনত নিহত হৈছিল জেহাদী ছাকিল আহমেদ। বৰ্তমান বৰপেটা আৰক্ষীয়ে ধৃত তিনিও জেহাদীক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে জেহাদীবিৰোধী অভিযান অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি