দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনা, দুধনৈ ৰাসত বিস্ফোৰণেৰে কৰিব খুজিছিল পৰীক্ষা, আটক তিনি জেহাদী

News18-Assam
Updated:November 25, 2019, 4:18 PM IST
দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনা, দুধনৈ ৰাসত বিস্ফোৰণেৰে কৰিব খুজিছিল পৰীক্ষা, আটক তিনি জেহাদী
দিল্লী পুলিচৰ দলে গোৱালপাৰাৰ পৰা আটক কৰে তিনি জেহাদীক

দিল্লী পুলিচৰ দলে গোৱালপাৰাৰ পৰা আটক কৰে তিনি জেহাদীক

  • Share this:
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অসম তথা দিল্লী। দুধনৈৰ ৰাসমহোৎসৱ বোমাৰে উৰুৱাই দিয়াৰ ভয়ংকৰ পৰিকল্পনা। গোৱালপাৰাত ISIS তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী গ্ৰপ্তাৰ। দিল্লী আৰক্ষীৰ বিশেষ চেলে গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী কেইটাক। পৰীক্ষামূলক ভাবে দুধনৈৰ ৰাস মহোৎসৱ বোমাৰে উৰুৱাই দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ অভিসন্ধি ৰচিছিল সন্ত্ৰাসবাদীৰ দলটোৱে। IED ৰ সৈতে দিল্লীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীৰ দলটোক। অভিযুক্ত সন্ত্ৰাসবাদী কেইটাৰ নাম জামিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলী। সন্ত্ৰাাসবাদী কেইটাৰ পৰা  বোমা–বাৰুদ আৰু টাইমাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি