• Home
  • »
  • News
  • »
  • assam
  • »
  • ওদালগুৰিৰ মাজবাটত শোকাৱহ ঘটনা, হাতীৰ আক্ৰমণত প্ৰাণ গ’ল একেটা পৰিয়ালৰে তিনিজনৰ

ওদালগুৰিৰ মাজবাটত শোকাৱহ ঘটনা, হাতীৰ আক্ৰমণত প্ৰাণ গ’ল একেটা পৰিয়ালৰে তিনিজনৰ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

একেটা পৰিয়ালৰ ৩জন লোক হাতীৰ আক্ৰমণত মৃত্যু হোৱাত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

  • Share this:
ওদালগুৰিৰ মাজবাটৰ অসম–অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলত শোকাৱহ ঘটনা। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জনকৈ লোক। নিহত নবীন বসুমতাৰী (৫৩), জামিনী বসুমতাৰী (৩৩) আৰু হাদানশ্বা বসুমতাৰী (১ বছৰ ৬ মাহ)। নিশা বন্যহস্তীৰ এটা জাকে আক্ৰমণ চলাই কমলাবাৰীত। হাতীৰ জাকটোৱে ঘৰ–বাৰী ভাঙি তহিলং কৰে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে নিজৰা বসুমতাৰী নামৰ ৭ বছৰীয়া এগৰাকী কিশোৰীৰ। একেটা পৰিয়ালৰ ৩জন লোক হাতীৰ আক্ৰমণত মৃত্যু হোৱাত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।
Published by:Sanjay Kumar Das
First published: