• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত হাৰিয়ানাৰ হাইটেক প্ৰৱঞ্চক, ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল তিনি খান

গুৱাহাটীত হাৰিয়ানাৰ হাইটেক প্ৰৱঞ্চক, ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল তিনি খান

অসমত প্ৰথমবাৰৰ বাবে দেখা গৈছে এনেধৰণৰ হাইটেক প্ৰৱঞ্চক৷

অসমত প্ৰথমবাৰৰ বাবে দেখা গৈছে এনেধৰণৰ হাইটেক প্ৰৱঞ্চক৷

অসমত প্ৰথমবাৰৰ বাবে দেখা গৈছে এনেধৰণৰ হাইটেক প্ৰৱঞ্চক৷

  • Share this:
সাধাৰণ গ্ৰাহকক নহয় বেংকক লুটিবলৈ গুৱাহাটীলৈ বহিঃৰাজ্যৰ প্ৰৱঞ্চক৷ গুৱাহাটীত প্ৰৱেশ কৰোতেই ক্ৰাইম ব্ৰাঞ্চৰ হাতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হ’ল তিনি প্ৰৱঞ্চক৷

প্ৰথমতে ATMৰ পৰা টকা উলিয়াই সেই সময়তে বিশেষ কায়দাৰে বেংকলৈ টকা withdraw হোৱা মেছেজ যোৱাটো ব্লক কৰি দিয়ে ৷ যাৰ ফলত বেংকে গম নাপায় টকাখিনি ATMৰ পৰা withdraw হ’ল নে নহ’ল ৷ ATMৰ পৰা টকাখিনি withdraw কৰাৰ পিছতে প্ৰৱঞ্চকৰ দলটো যায় বেংকলৈ আৰু তাত অভিযোগ দিয়ে ATMৰ পৰা টকা withdraw নোহোৱা বুলি ৷ বেংক কৰ্তৃপক্ষই যেতিয়া ছাৰ্ভাৰত পৰীক্ষা কৰে তাত টকা withdraw কৰাৰ তথ্য নাপায় ৷ কাৰণ তাৰ আগতে প্ৰৱঞ্চকৰ দলটোৱে ATMৰ পৰা withdraw কৰোতে বেংকৰ ছাৰ্ভাৰলৈ withdraw মেছেজ যোৱাটো ব্লক কৰি দিছিল ৷

অসমত প্ৰথমবাৰৰ বাবে দেখা গৈছে এনেধৰণৰ হাইটেক প্ৰৱঞ্চক৷ হাৰিয়ানাৰ অহা তিনি প্ৰৱঞ্চক বৰঝাৰ বিমান বন্দৰত নামোতে ক্ৰাইম ব্ৰাঞ্চে তথ্য পাইছিল আৰু তাৰ পিছতে চলিছিল প্ৰৱঞ্চকৰ দলটো গ্ৰেপ্তাৰৰ বাবে অভিযান৷ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল হাৰিয়ানাৰ প্ৰৱঞ্চক জুনেইদ খান, ছেলিম খান, ছামচাদ খানক৷ তিনি প্ৰৱঞ্চকৰ পৰা জব্দ কৰে বিভিন্ন লোকৰ নামত থকা বিভিন্ন বেংকৰ ১৩০খন ATM কাৰ্ড, ৯১,৭২০ নগদ টকা আৰু ১০ বটল নিষিদ্ধ কফ ছিৰাপ৷ এনেধৰনৰ প্ৰৱঞ্চকৰ দলৰ প্ৰথমবাৰৰ বাবে মুখামুখি হৈছে মহানগৰ আৰক্ষী৷

আৰক্ষী আয়ুক্তৰ মতে এনে ধৰণৰ modus operandi প্ৰথম৷ বিশেষ তথ্যৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান৷ গ্ৰেপ্তাৰ হোৱা তিনি প্ৰৱঞ্চকৰ পৰা প্ৰাৰম্ভিক যি তথ্য পোৱা গৈছে, সেই অনুসৰি জব্দ হোৱা ATM কাৰ্ডসমূহ প্ৰৱঞ্চকৰ দলটোৰ সহযোগীৰ৷ সাধাৰণ গ্ৰাহকক নহয়, দলটোৱে টাৰ্গেটত লৈছে বেংক সমূহক ৷

আনহাতে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এই দলটোৰ লগত আৰু কোন কোন আছে সেইটো বিচাৰি তিনি প্ৰৱঞ্চকক জেৰা অব্যাহত ৰাখিছে৷ সাধাৰণ ৰাইজে নহয়, এতিয়া প্ৰৱঞ্চকৰ টাৰ্গেটত বিভিন্ন বেংক৷ একাংশ প্ৰৱঞ্চকে নিতৌ নতুন নতুন কৌশল লয় অৱলম্বন কৰিছে৷
Published by:Sanjay Kumar Das
First published: