உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়, তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিল তিনিজন যুৱক

    আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়, তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিল তিনিজন যুৱক

    ফিল'বাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত স্থানত উপস্থিত হৈ হাতে–লোটে ধৰা পেলালে অবৈধভাৱে আধাৰ কাৰ্ড উলিওৱা তিনিওকে।

    • Share this:
    তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ অন্তৰ্গত ৰংপুৰ নেপালী গাঁৱত আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজক আঁভুৱা ভাৰি ধন সংগ্ৰহ কৰা তিনিজন যুৱকক ফিল'বাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ফিল'বাৰীৰ ৰংপুৰ গাঁৱৰে বিকাশ ছেত্ৰী নামৰ লোকজনৰ ঘৰত ডিগবৈৰ দীপক ছেত্ৰী আৰু কমল খতিওৰা নামৰ যুৱক দুজনে গাঁৱৰ ৰাইজৰ মাজত আধাৰ কাৰ্ড উলিয়াই দিয়াৰ নামত প্ৰত্যেকৰে পৰা পাঁচশ টকাকৈ সংগ্ৰহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। ফিল'বাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত স্থানত উপস্থিত হৈ হাতে–লোটে ধৰা পেলালে অবৈধভাৱে আধাৰ কাৰ্ড উলিওৱা তিনিওকে। আৰু তেওঁলোকৰ পৰা এটা প্ৰিণ্টাৰ, এটা মেচিন আৰু বিভিন্ন নথি–পত্ৰৰ লগতে কিছু পৰিমাণৰ টকাও জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে তিনিওজনকে জে’ললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
    First published: