শোণিতপুৰ জিলাৰ বৰছলাত মাছ মাৰিবলৈ যোৱাই কাল হ’ল তিনিজনকৈ লোকৰ!
শোণিতপুৰ জিলাৰ বৰছলাত মাছ মাৰিবলৈ যোৱাই কাল হ’ল তিনিজনকৈ লোকৰ!
শোণিতপুৰ জিলাৰ বৰছলাত মাছ মাৰিবলৈ যোৱাই কাল হ’ল তিনিজনকৈ লোকৰ! বৰছলাৰ সমীপৱৰ্তী ঘিটিং বিলত মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে লোক তিনিজনে। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় লোকে কোৱা মতে, বিলত পানী অনুমান কৰিব নোৱাৰি দ' অংশত সোমাই নিখোজ হৈ পৰে লোক কেইজন। পিছত স্থানীয় লোক আৰু বৰছলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই তিনিওজন লোককে মৃত অৱস্থাত উদ্ধাৰ কৰে।
মৃত লোক কেইজনৰ নাম লক্ষী বড়ো, মহেন্দ্ৰ বড়ো আৰু পানীৰাম বসুমতাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, সাঁতুৰিব নজনাৰ বাবেই এনেদৰে মৃত্যুক সাৱটিব লগা হ’ল আটাইকেইজনে। ইতিমধ্যে লক্ষী বড়ো, মহেন্দ্ৰ বড়ো আৰু পানীৰাম বসুমতাৰীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|