সুৰা মাফিয়াৰ পৰিকল্পিত হত্যাৰ বলি হ’ল নেকি আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰী!

একাংশই অভিযোগ কৰা অনুসৰি, অবৈধভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল এইসকল আবকাৰী বিষয়া–কৰ্মচাৰী।

News18-Assam
Updated:September 26, 2019, 11:05 AM IST
সুৰা মাফিয়াৰ পৰিকল্পিত হত্যাৰ বলি হ’ল নেকি আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰী!
একাংশই অভিযোগ কৰা অনুসৰি, অবৈধভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল এইসকল আবকাৰী বিষয়া–কৰ্মচাৰী।
News18-Assam
Updated: September 26, 2019, 11:05 AM IST
গোলাঘাটৰ মৰঙীসাৰ গাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰী। টাটা ছুম’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত বাহনৰ ভিতৰতে জ্বলি ভস্মীভূত হয় আবকাৰী চোৰাংচোৱা বিভাগৰ এজন বিষয়া আৰু কনিষ্টবল। দুৰ্ঘটনাৰ পিছতে ৰাজপথতে দপদপকৈ জ্বলি ভস্মীভূত হয় টাটা ছুম’খন। অগ্নিদগ্ধ গৈ মৃত্যু হয় আবকাৰী চোৰাংচোৱা বিভাগৰ বিষয়া চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাঙৰ। মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত ঘৰ নিহত ৰমেন বনজাঙৰ।

দুৰ্ঘটনাত আহত আন ৪জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত হৰেকৃষ্ণ কুমাৰ নামৰ এজনৰ মৃত্যু হয়। ছুম’খনত আছিল আবকাৰী চোৰাংচোৱা বিভাগৰ ৬জন বিষয়া–কৰ্মচাৰী। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল টাটা ছুম’খন। বৰ্তমানত JMCHত চিকিৎসাধীন হৈ আছে তানু ইনজাল নামৰ এজন। আনহাতে জাহিদুল হক আৰু চালক কে ৰাহুল সিঙক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন।

দুৰ্ঘটনাৰ পিছতে জ্বলি যায় টাটা ছুম’ বাহনখন


আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। সুৰা মাফিয়াই পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহ। আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু তনু ইনজালৰ ভাষ্য অনুসৰি, আবকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল।

ছুম’খনৰ ভিতৰত অগ্নিদগ্ধ গৈ মৃত্যু দুজনৰ


গোলাঘাট আবকাৰী বিভাগৰ লগত দিনৰ ৪.৩০ বজাত কথা পাতি নিশা গোপন অভিযানৰ বিষয়ে জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আবকাৰী দল বিচাৰিছিল। কিন্তু আবকাৰী দলটোক নোলোৱাকৈয়ে গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা ওলাই গৈছিল গুৱাহাটীৰ দিশে।

টাটা ছুম’খন জ্বলি যোৱাৰ দৃশ্য


একাংশই অভিযোগ কৰা অনুসৰি, অবৈধভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল এইসকল আবকাৰী বিষয়া–কৰ্মচাৰী।

নিহত ৰমেন বনজাং


গোলাঘাটৰ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে। উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালক ঘটনাৰ তদন্তৰ নিৰ্দেশ। ঘটনাত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। আহতসকলৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি