লামডিঙত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

News18 Assam | News18-Assam
Updated:July 22, 2021, 1:15 PM IST
লামডিঙত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
আৰক্ষীয়ে ধৃত তিনি সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছে ব্ৰাউন ছুগাৰভৰ্তি সাতটা কণ্টেইনাৰ৷

আৰক্ষীয়ে ধৃত তিনি সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছে ব্ৰাউন ছুগাৰভৰ্তি সাতটা কণ্টেইনাৰ৷

  • Share this:
হোজাই জিলাৰ লামডিং আৰক্ষীৰ অভিযানত ৰে’ল বিভাগৰ কৰ্মচাৰীসহ গ্ৰেপ্তাৰ তিনিটা ড্ৰাগছ সৰবৰাহকাৰী। লামডিং আৰক্ষীয়ে এক খবৰৰ ভিত্তিত  নিশা অভিযান চলাই গ্ৰেপ্তাৰ  কৰে ড্ৰাগছ সৰবৰাহকাৰী নৱৰাজ চক্ৰৱৰ্তী, সঞ্জীৱ দে আৰু বাবুল দে ওৰফে বগা বাবুক। লগতে আৰক্ষীয়ে ধৃত তিনি সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছে ব্ৰাউন ছুগাৰভৰ্তি সাতটা কণ্টেইনাৰ৷

লক্ষণীয় যে ধৃত বাবুল দে ওৰফে বগা বাবু ৰে’ল বিভাগৰ চতুৰ্থ বৰ্গত কৰ্মৰত কৰ্মচাৰী বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত লামডিং আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 1:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি