অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযান (Operation Against Drugs) চলাই থকাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিৰ (Sonari) অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলাত অভিযান চলাই আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs) । লগতে আটক কৰিছে তিনি যুৱকক ।
জানিব পৰা মতে সোমবাৰে বিয়লি নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ গাহৰিকটা লাইনৰ পৰা নামতোলা আৰক্ষী আৰু চিআৰপিএফৰ ১৪৯ নং বেটেলিয়নৰ যৌথ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰপৰা উদ্ধাৰ হয় দহটা কণ্টেইনাৰ সহ নিষিদ্ধ ড্ৰাগছ। আটকাধীন লোককেইজন নামতোলাৰ হাতীকেম্পৰ দীপক তামাং, সুৰেন্দ্ৰ প্ৰধান আৰু নাগালেণ্ডৰ মন জিলাৰ নামচাৰ পাঙপান বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি তিনিওজনকে নামতোলা আৰক্ষী থানাত সুধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
জানিব পৰা মতে দীপক তামাং আৰু সুৰেন্দ্ৰ প্ৰধান কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আৰু নামচাৰ পাঙপান নামৰ নগা যুৱকজন তেওঁলোকৰ ওচৰত ড্ৰাগছ সেৱন কৰিব আহিছিল ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|