কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন, কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা?

News18 Assam | News18-Assam
Updated:September 16, 2020, 2:16 PM IST
কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন, কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা?
দুৰ্ঘটনাটোত নাজমা বেগম, এলিছা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ তিনিজন নিহত হয়।

দুৰ্ঘটনাটোত নাজমা বেগম, এলিছা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ তিনিজন নিহত হয়।

  • News18 Assam
  • Last Updated: September 16, 2020, 2:16 PM IST
  • Share this:
মঙলবাৰে নিশা কলিয়াবৰৰ নহৰু বস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। মহিলা-শিশু সহ তিনিজন থিতাতে নিহত হয় এই দুৰ্ঘটনাত। আন তিনিজন গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত৷ নহৰুবস্তিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা এ এছ ০৯ এচি ৩৬৩৫ নম্বৰৰ ট্ৰাকখনত এ এছ ০২ টি ৪৭৭৫ নম্বৰৰ এখন বাহনে প্ৰচণ্ড খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত নাজমা বেগম, এলিছা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ তিনিজন নিহত হয়। গুৰতৰভাৱে আহতকেইজনৰ নাম এলিনা বেগম, আহমেদ হুছেইন আৰু লতিফা বেগম। নিহত নয়ন বৈশ্যৰ ঘৰ নলবাৰীত৷ আহত–নিহত বাকীকেইজনৰ ঘৰ যোৰহাট পুলিবৰৰ বুলি জানিব পৰা গৈছে৷
Published by: Sanjay Kumar Das
First published: September 16, 2020, 2:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading