মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙত ফুটবল খেল চলি থকাৰ সময়তে অঘটন, বজ্ৰ পৰি নিহত স্বামী–স্ত্ৰীসহ তিনিজন

চিৰাঙত ফুটবল খেল চলি থকাৰ সময়তে অঘটন, বজ্ৰ পৰি নিহত স্বামী–স্ত্ৰীসহ তিনিজন

News18 Assam | News18-Assam
Updated:September 15, 2021, 11:44 AM IST
চিৰাঙত ফুটবল খেল চলি থকাৰ সময়তে অঘটন, বজ্ৰ পৰি নিহত স্বামী–স্ত্ৰীসহ তিনিজন
মানকেশ্বৰ বসুমতাৰী আৰু ৰয়ান্তি বসুমতাৰী পতি-পত্নী৷ দুয়ো খেল পথাৰত পাণ–তামোলৰ দোকান দিছিল।

মানকেশ্বৰ বসুমতাৰী আৰু ৰয়ান্তি বসুমতাৰী পতি-পত্নী৷ দুয়ো খেল পথাৰত পাণ–তামোলৰ দোকান দিছিল।

  • News18 Assam
  • Last Updated: September 15, 2021, 11:44 AM IST
  • Share this:
চিৰাঙৰ বেংতলৰ নিকটৱৰ্তী অন্থাইবাৰীত বজ্ৰপাতত তিনিজন লোক নিহত হয় ৷ ফুটবল খেল চলি থকাৰ মাজতে পথাৰত হঠাতে বজ্ৰপাত হোৱাৰ ফলত উক্ত ঘটনা সংঘটিত হয়৷ বজ্ৰপাতত নিহত সকল দিলীপ মুছাহাৰী, মানকেশ্বৰ বসুমতাৰী আৰু ৰয়ান্তি বসুমতাৰী৷ মানকেশ্বৰ বসুমতাৰী আৰু ৰয়ান্তি বসুমতাৰী পতি-পত্নী৷ দুয়ো খেল পথাৰত পাণ–তামোলৰ দোকান দিছিল।

আনহাতে বজ্ৰপাতত ছয়গৰাকীতকৈ অধিক লোক আহত হয়। আহতসকল প্ৰিচিয়া বৰগয়াৰী, জিবুল ইছলাৰী, ৰমেনছিং নাৰ্জাৰী, চাচাৰাং নাৰ্জাৰী, চাশ্চিতা বৰগয়াৰী, ইচাক মুছাহাৰী৷ আহতসকলক বঙাইগাঁও আৰু চিৰাঙৰ কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ আহত কেইবাজনোৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
Published by: Sanjay Kumar Das
First published: September 15, 2021, 11:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি