গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনাত পতিত আবকাৰী চোৰাংচোৱা বিভাগৰ বাহন, অগ্নিদগ্ধ হৈ মৃত্যু গুৱাহাটীৰ ৰমেন বনজাঙসহ তিনিজনৰ

টাটা ছুম’–ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত দপদপাই জ্বলিল আবকাৰী চোৰাংচোৰা বিভাগৰ গাড়ীখন। সংকটজনক অৱস্থাত চিকিৎসাধীন তিনিজন।

News18-Assam
Updated:September 26, 2019, 10:07 AM IST
গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনাত পতিত আবকাৰী চোৰাংচোৱা বিভাগৰ বাহন, অগ্নিদগ্ধ হৈ মৃত্যু গুৱাহাটীৰ ৰমেন বনজাঙসহ তিনিজনৰ
টাটা ছুম’–ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত দপদপাই জ্বলিল আবকাৰী চোৰাংচোৰা বিভাগৰ গাড়ীখন। সংকটজনক অৱস্থাত চিকিৎসাধীন তিনিজন।
News18-Assam
Updated: September 26, 2019, 10:07 AM IST
ডিমৌৰ পিছত এইবাৰ গোলাঘাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।  টাটা ছুম’-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত ৩জন লোক। ঘটনাস্থলীত ছুম’ৰ ভিতৰতে জ্বলি ভস্মীভূত হয় দুজন লোক। হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন এজনৰ। দুৰ্ঘটনাৰ পিছতে দপদপকৈ জ্বলি উঠে টাটা ছুম’খন।  ছুম’ত আছিল আবকাৰী চোৰাংচোৱা বিভাগৰ ৬বিষয়া–কৰ্মচাৰী। ৰঙাজানৰ মৰঙিসাৰ গাঁৱৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।  অগ্নিদগ্ধ হৈ মৃত্যু আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবংচা। অগ্নিদগ্ধ হৈ মৃত্যু আবকাৰী চোৰাংচোৱা বিষয়া ৰমেন বনজাঙৰ
হেঙেৰাবাৰীৰ নবজ্যোতি ক্লাৱত ঘৰ নিহত বনজাঙৰ।

JMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হৰেকৃষ্ণ বৰ্মনৰ। সংকটজনক অৱস্থাত JMCHত চিকিৎসাধীন তানু ইনজাল

চিকিৎসাধীন জাহিদুল হক আৰু চালক কে ৰাহুল সিং। উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

গাড়ীৰ ভিতৰতে জ্বলি গ’ল আটাইকেইজন।


আৰু চাওক পৰৱৰ্তী বাতৰি