• Home
  • »
  • News
  • »
  • assam
  • »
  • বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষত তিনিজন নিহত

বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষত তিনিজন নিহত

প্ৰতীকী ফটো

প্ৰতীকী ফটো

এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা ৰোগী লৈ ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো৷

  • Share this:
দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ মাল কঢ়িওৱা বাহন আৰু ৰোগী কঢ়িওৱা টাটা ছুম’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ৰুকচানা আহমেদ নামৰ এগৰাকী মহিলা৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুজন৷

সংকটজনক অৱস্থাত আহত দুজনক ততাতৈয়াকৈ ধুপধৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুয়োজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক আছিল চামচুল আলম৷

নিহত ৰুকচানা আহমেদৰ ঘৰ যোগীঘোপাৰ চলন্তপাৰাত। আনহাতে নিহত চালক চামচুল আলম আৰু আনজন লোক মাহমুদ আলমৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাঁৱত বুলি জানিব পৰা গৈছে৷

পেট্ৰ’ল–ডিজেলৰ শেহতীয়া ৰেট জাৰি, জানি লওক আপোনাৰ চহৰত দাম বাঢ়িল নে কমিল?

গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা ৰোগী লৈ ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত পতিত হোৱা ছুম’খনৰ নম্বৰ হল AS 18B 5774 আৰু কণ্টেইনাৰখনৰ নম্বৰ NL O1AE 3394।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: