অত্যধিক গতিবেগেই কাল হ’ল! তিনিচুকীয়াৰ মাকুমত দুৰ্ঘটনাত প্ৰাণ গ’ল তিনি যুৱকৰ

কৃষ্ণ মাহাতো নামৰ গুৰুতৰভাৱে আহত যুৱকজনক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।

News18-Assam
Updated:October 29, 2019, 11:30 AM IST
অত্যধিক গতিবেগেই কাল হ’ল! তিনিচুকীয়াৰ মাকুমত দুৰ্ঘটনাত প্ৰাণ গ’ল তিনি যুৱকৰ
কৃষ্ণ মাহাতো নামৰ গুৰুতৰভাৱে আহত যুৱকজনক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।
News18-Assam
Updated: October 29, 2019, 11:30 AM IST
তিনিচুকীয়াৰ মাকুমত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন দ্ৰুতবেগী বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় তিনিজন যুৱক। আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। দুয়োখন বাইকত আছিল দুজনকৈ আৰোহী। নিহত যুৱককেইজন ক্ৰমে থাৰ্মেলৰ ঋষভ বৰুৱা, জ্যোতিনগৰৰ পুলিন দে’ আৰু ককৰাতলীৰ ভৈৰৱ গোহাঁই।

কৃষ্ণ মাহাতো নামৰ গুৰুতৰভাৱে আহত যুৱকজনক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। সংঘৰ্ষৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ৰয়েল এনফিল্ড আৰু কে টি এম বাইক দুখন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি