লখিমপুৰত নিৰ্বাচনী হিংসাত জড়িত থকাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'ল তিনি কংগ্ৰেছ কৰ্মী। মৰিয়াই মৰিয়াই এজন বিজেপি কৰ্মীৰ দুই হাত ভঙাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হৈছে কংগ্ৰেছৰ ছাব্বিৰ মুস্তাক, প্ৰাঞ্জল কোঁৱৰ আৰু বিকাশ গগৈ নামৰ তিনিজন সদস্যক।
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ২৭ মাৰ্চৰ নিশা প্ৰায় ১১ বজাত ঘৰলৈ ওভতাৰ সময়তে বিজেপি কৰ্মী সুজিত গগৈক আক্ৰমণ কৰিছিল ছাব্বিৰ মুস্তাক, প্ৰাঞ্জল কোঁৱৰ আৰু বিকাশ গগৈ নামৰ তিনিজনৰ লগতে ৫জনীয়া কংগ্ৰেছ কৰ্মীৰ এটা দলে। আক্ৰমণত সুজিত গগৈৰ দুই হাতো ভাঙি যোৱা বুলি অবিযোগ কৰিছে ভূক্তভোগীয়ে।
ঘটনাৰ পিছতে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰি ছাব্বিৰ, প্ৰাঞ্জল আৰু বিকাশক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে ছাব্বিৰ মুস্তাক লখিমপুৰ যুৱ কংগ্ৰেছৰ জিলা সভাপতি, প্ৰাঞ্জল কোঁৱৰ কংগ্ৰেছৰ জিলা সম্পাদক আৰু বিকাশ গগৈ বীৰ লাচিত সেনাৰ কৰ্মী।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুজিত গগৈ সম্প্ৰতি লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|