বিশ্বনাথৰ অসুৰক্ষিত পথ! যুৱতী-মহিলাক অশ্লীল ইংগিত দিয়া লম্পটক ৰাম পিটন তিনিগৰাকী সাহসী যুৱতীৰ

News18 Assam | News18-Assam
Updated:September 24, 2020, 9:09 PM IST
বিশ্বনাথৰ অসুৰক্ষিত পথ! যুৱতী-মহিলাক অশ্লীল ইংগিত দিয়া লম্পটক ৰাম পিটন তিনিগৰাকী সাহসী যুৱতীৰ
সাৱধান ! দিনতে মহিলা আৰু যুৱতীৰ বাবে সুৰক্ষিত নহয় এই পথ ৷ বাৰে বাৰে মহিলা আৰু যুৱতীক টাৰ্গেট কেইটামান লম্পটৰ

সাৱধান ! দিনতে মহিলা আৰু যুৱতীৰ বাবে সুৰক্ষিত নহয় এই পথ ৷ বাৰে বাৰে মহিলা আৰু যুৱতীক টাৰ্গেট কেইটামান লম্পটৰ

  • News18 Assam
  • Last Updated: September 24, 2020, 9:09 PM IST
  • Share this:
মহিলা আৰু যুৱতীৰ বাবে মুঠেই সুৰক্ষিত নহয় বিশ্বনাথ চাৰিআলিৰ এটা পথ! প্ৰায়েই পথটোত সংঘটিত হয় মহিলা আৰু যুৱতীৰ ওপৰত নিৰ্যাতন ৷ কোনোবাই যদি ফেচবুকত লিখি ঘটনাৰ কথা প্ৰকাশ কৰে আন কোনোবা আকৌ হাতত এজাহাৰ লৈ পাইগৈ আৰক্ষী থানা। তাৰ পিছতো ক্ৰমাত্‍ বাঢ়িহে আহিছে এনে ধৰণৰ ঘটনা।

যুৱতী-মহিলাক হাৰাশাস্তি, অশ্লীল ইংগিত দিয়াৰ ঘটনা প্ৰায়েই সংঘটিত হয় বিশ্বনাথ চাৰিআলিৰ কলেজ ৰ'ডত ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা বিশ্বনাথ শিক্ষণ মহাবিদ্যালয়লৈকে যোৱা পথটোৰ কমলাকান্ত ক্ষেত্ৰৰ সন্মুখ ভাগ মুঠেও সুৰক্ষিত নহয় মহিলা আৰু যুৱতীৰ বাবে ৷ দিনতে মহিলা আৰু যুৱতীৰ ওপৰত নিৰ্যাতন চলে পথটোত ৷

শেহতীয়াকৈ কলেজলৈ অহা তিনিগৰাকী যুৱতীক নিৰ্যাতন চলোৱা এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সন্মুখতে তিনিগৰাকী যুৱতীয়ে প্ৰহাৰ কৰিছে এজন যুৱকক ৷ যুৱতী কেইগৰাকীক সহায় কৰিছে স্থানীয় দুই এজনেও।

তিনিগৰাকী ছাত্ৰী মহাবিদ্যালয়ত এডমিচন ল’বলৈ আহোতেই সংঘটিত হৈছিল  ঘটনাটো। এজন যুৱকে যুৱতী তিনিগৰাকীলৈ লক্ষ্য কৰি দিছিল অশ্লীল ইংগিত। কিন্তু তেতিয়াই সাহসী যুৱতী কেইগৰাকীয়ে দুই এজন স্থানীয় যুৱকৰ সহায়ত কাণত ধৰি আঁঠু কঢ়াই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে লম্পটটোক।

প্ৰতক্ষ্যদৰ্শীৰ পৰা তথ্য লাভ কৰা হৈছে যদিও এই মূহুৰ্তলৈকে পৰিচয় লাভ কৰিব পৰা নাই যুৱতী তিনিগৰাকী আৰু নিৰ্যাতনৰ চলোৱাৰ অভিযোগ উঠা যুৱকজনৰ ৷ উল্লেখ্য যে, কেৱল এই ঘটনাই নহয় ৷ পথটোত প্ৰায়েই সংঘটিত হয় এনে ধৰণৰ ঘটনা ৷ কেইমাহমান পূৰ্বে এগৰাকী মহিলাক গাড়ীত অহা অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাইছিল কলেজ ৰ'ডত ৷
Published by: Himangshu Bhuyan
First published: September 24, 2020, 9:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading