• Home
  • »
  • News
  • »
  • assam
  • »
  • হৃদয়বিদাৰক ! যোৰহাটৰ এটা ঘৰত অকলশৰে দিন পাৰ কৰিছে তিনিটা কণমানিয়ে, তেৰ বছৰীয়া পাপুলিয়ে লৈছে দুই কণমানি ভাতৃৰ দায়িত্ব

হৃদয়বিদাৰক ! যোৰহাটৰ এটা ঘৰত অকলশৰে দিন পাৰ কৰিছে তিনিটা কণমানিয়ে, তেৰ বছৰীয়া পাপুলিয়ে লৈছে দুই কণমানি ভাতৃৰ দায়িত্ব

"মোৰ ঘৰত অকলশৰে থাকিবলৈ ভয় নালাগে। ভাইটিহতে ভয় কৰে। মই সপ্তম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মাৰ অসুখৰ বাবে স্কুল যাব নোৱাৰিলোঁ। মই আকৌ পঢ়িব বিচাৰোঁ।

"মোৰ ঘৰত অকলশৰে থাকিবলৈ ভয় নালাগে। ভাইটিহতে ভয় কৰে। মই সপ্তম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মাৰ অসুখৰ বাবে স্কুল যাব নোৱাৰিলোঁ। মই আকৌ পঢ়িব বিচাৰোঁ।

"মোৰ ঘৰত অকলশৰে থাকিবলৈ ভয় নালাগে। ভাইটিহতে ভয় কৰে। মই সপ্তম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মাৰ অসুখৰ বাবে স্কুল যাব নোৱাৰিলোঁ। মই আকৌ পঢ়িব বিচাৰোঁ।

  • Share this:
যোৰহাটৰ দহোটীয়াৰ তিনিটা কণমানিৰ হৃদয়বিদাৰক কাহিনী (Tragic Story) শুনিলে চকু সেমেকি উঠিব আপোনাৰ । পিতৃ-মাতৃৰ মৃত্যুৰ পিছত এটা উৰুখা পজাত কণমানিকেইটাই অকলশৰে দিন পাৰ কৰিব লগা হৈছে । মাতৃৰ মৃত্যুৰ পিছতে ১৩ বছৰীয়া বায়েকৰ তত্বাৱধানত এটা সৰু ঘৰত দিন কটাইছে দুই কণমানি ভাতৃয়ে। সমীপতে থকা আত্মীয়সকল তথা গাঁৱৰ হৃদয়বান লোকসকলে সহায় আগবঢ়াই আহিছে যদিও কণমানিকেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান আশংকাই দেখা দিছে ।

ৰুগীয়া মাতৃৰ শুশ্ৰুষাৰ বাবে এবছৰ পূৰ্বে সপ্তম শ্ৰেণীলৈ পঢ়ি বিদ্যালয় ত্যাগ কৰিছিল ১৩ বছৰীয়া পাপুলিয়ে। পাপুলি পৰিয়ালটিৰ ডাঙৰ ছোৱালী আৰু এতিয়া মাতৃৰো মৃত্যুৰ পিছত কণমানি ভাতৃদ্বয়  মৃন্ময় আৰু অভিৰাজৰ দায়িত্ব লব লগা হৈছে পাপুলিয়ে। তেওঁলোকৰ পিতৃ মৃদুল বৰাৰ মৃত্যু হৈছিল প্ৰায় তিনি বছৰ পূৰ্বে। তাৰ পিছতে অসুস্থ হৈ পৰা মাতৃ জানেকী বৰাৰো মৃত্যু হয় এপষেক পূৰ্বে । কণমানি কেইটা থাকিব পৰাকৈ গাঁৱৰ নয়নজ্যোতি পুথিঘৰৰ যুৱকসকলে ঘৰটো মেৰামতি কৰি নিৰ্মাণ কৰি দিয়ে। এই ঘৰটোতে বৰ্তমান কণমানি তিনিটাই দিন পাৰ কৰিছে। সমীপতে থকা আত্মীয়সকলে সহায় আগবঢ়াই আহিছে তেওঁলোকক ।

জীৱন কি বুজি পোৱাৰ পূৰ্বেই নিজৰ ভাতৃৰ দায়িত্ব লৈ পৰিয়াল চলাব লগা হৈছে কণমানি পাপুলিয়ে । পাপুলিৰ চকুত আছে দূৰ্বাৰ আত্মবিশ্বাস । মাতৃ অসুস্থ হোৱা দিনৰে পৰা পৰিয়াল চলাবলৈ পথাৰত কাম কৰিবলৈ যায় পাপুলি । লাভ কৰে দৈনিক ২৫০ টকা। বহু লোকে কাম বিচাৰি যোৱা কণমানি পাপুলিক কিছু ধন দি সহায় কৰে ।

দেওবাৰে পাপুলিহতৰ ঘৰলৈ আমি যাওতে দেখিছিলোঁ দুপৰীয়াৰ সাজত আছিল কেৱল ভাত, নিমখ আৰু কেইটামান বুট । কণমানিকেইটাৰ বিদ্যালয়ত পঢ়িবলৈ হেঁপাহ। সেয়েহে চৰকাৰৰ সংশ্লিষ্ট বিভাগে যদিহে কণমানিকেইটাৰ ভৱিষ্যত গঢ়াৰ বাবে দায়িত্ব ল'বলৈ আগবাঢ়ি আহে তেন্তে তেওঁলোক যাবলৈ সন্মত । কিন্তু পাপুলিৰ মতে তিনিও ভাতৃ-ভগ্নী একেলগে থাকিব ।

" মোৰ ঘৰত অকলশৰে থাকিবলৈ ভয় নালাগে । ভাইটিহতে ভয় কৰে । মই সপ্তম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মাৰ অসুখৰ বাবে স্কুল যাব নোৱাৰিলোঁ। মই আকৌ পঢ়িব বিচাৰোঁ। আমাক পাৰিলে চৰকাৰে অলপ সহায় কৰক।" কণমানি পাপুলিয়ে এনেদৰে কয় ।

গাঁৱৰে একাংশ সচেতন যুৱকে কণমানিকেইটাৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰি চৰকাৰ তথা কোনো স্বেচ্ছাসেৱী অনুষ্ঠানক তেওঁলোকৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে । আনহাতে বৰ্তমান সহায় কৰি থকা পাপুলিহতৰ আত্মীয়সকলেও তিনিওটা শিশুৰে দায়িত্ব ল'বলৈ কোনো অনুষ্ঠান আগবাঢ়ি আহিলে তেওঁলোকৰ আপত্তি নাই বুলি জানিবলৈ দিছে ।

পাপুলি নামৰ এই ১৩ বছৰীয়া কণমানিগৰাকী আন বহুতৰে বাবে হ'ব পাৰে আদৰ্শ স্বৰূপ। এটা ঘৰত অকলশৰে থাকি কণমানি ভাতৃৰ দায়িত্ব ল'বলৈ প্ৰস্তুত হৈ সেই কাম কৰি যোৱা পাপুলিৰ সাহস আৰু আত্মবিশ্বাসৰ আমি শলাগ ল'বই লাগিব। কণমানিকেইটাৰ সুস্থিৰ ভৱিষ্যতৰ বাবে বৰ্তমান প্ৰয়োজন অলপ সহায়ৰ ।
Published by:Manjumoni Borah
First published: