• Home
  • »
  • News
  • »
  • assam
  • »
  • Car Thieves : গাড়ী ভাড়াত লৈ খোলে GPS আৰু কৰে বিক্ৰী, জে'লৰ পৰা আনি পুনৰ আৰক্ষীয়ে জিম্মাত ল'লে ৩ গাড়ীচোৰক

Car Thieves : গাড়ী ভাড়াত লৈ খোলে GPS আৰু কৰে বিক্ৰী, জে'লৰ পৰা আনি পুনৰ আৰক্ষীয়ে জিম্মাত ল'লে ৩ গাড়ীচোৰক

file photo

file photo

ৰিংকু এণ্টাৰপ্ৰাইজৰ নামত এগ্ৰিমেণ্ট কৰি বহু ব্যক্তিৰ পৰা ভাড়া লৈ লৈছিল গাড়ী।

  • Share this:
প্ৰায় এমাহ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ যোৱা তিনি গাড়ী চোৰক পুনৰ ফটাশিল আৰক্ষীলে ল'লে জিম্মাত। ফটাশিল আৰক্ষীয়ে চাৰি দিনৰ জিম্মাত লয় ধৃত তিনি গাড়ী চোৰক। চানমাৰিৰ ৰিংকু লহকৰ, খানাপাৰাৰ দেৱজিৎ ভট্টাচাৰ্যী, নলবাৰীৰ বিকাশ তালুকদাৰ নামৰ এই গাড়ীচোৰ তিনিজনক লৈ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

ইখনৰ পিছত সিখন থানাত গাড়ী চোৰ চক্ৰটোৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। পুনৰ ফটাশিল থানাত ভাৰতীয় দণ্ডবিধিৰ ১৫৭/২২ ১২০ বি, ৪২০, ৪০৯ত ৰুজু হৈ আছে গোচৰ। গাড়ী ভাড়া লৈ লোৱাৰ নামত চক্ৰটোৱে প্ৰৱঞ্চনা কৰে মালিকক।

ৰিংকু এণ্টাৰপ্ৰাইজৰ নামত এগ্ৰিমেণ্ট কৰি বহু ব্যক্তিৰ পৰা ভাড়া লৈ লৈছিল গাড়ী। প্ৰতিখন গাড়ীৰ ভাড়াৰ বাবদ প্ৰতিমাহে দিয়াৰ প্ৰতিশ্ৰুতি আছিল ৩০ হাজাৰ টকা। কিন্তু গাড়ী ভাড়া লৈ লোৱাৰ দুদিন পিছতেই গাড়ীৰ পৰা দুষ্ট চক্ৰটোৱে খুলি দিছিল GPS। GPS খুলি দুষ্ট চক্ৰটোৱে বিক্ৰী কৰিছিল সেইসমূহ গাড়ী। মালিক পক্ষক চক্ৰটোৱে জনাইছিল গাড়ী চুৰি হোৱা বুলি, কিন্তু চক্ৰটোৱে মালিক পক্ষক লগ কৰিবৰ বাবেও অমান্তিবোধ কৰিছিল। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মালিক পক্ষৰ গোচৰ ৰুজু কৰিছিল ফটাশিল থানাত।
Published by:Gautam Barman
First published: