ডিব্ৰুগড়ৰ SDRF বাহিনীক খবৰ দিয়াত আটাইৰে মৃতদেহ উদ্ধাৰ কৰে।
ডিব্ৰুগড়ৰ SDRF বাহিনীক খবৰ দিয়াত আটাইৰে মৃতদেহ উদ্ধাৰ কৰে।
সুখৰ ঘৰ এখনত আজি যেন নামি আহিল কাল অমানিশা। একেলগে তিনি ভাতৃ পুখুৰীত পৰি অকাল মৃত্যু হোৱা ঘটনাই শোকাকোল কৰি তুলিছে টিংখাঙৰ ২নং ৰঙাবননি অঞ্চল। টিংখাঙৰ ২ নং ৰঙাবননি গাঁৱৰ কিৰণ হেমৰম আৰু অনিতা হেমৰমৰ পুত্ৰ ক্ৰমে ২২ বছৰীয়া পুলিন , ১৭ বছৰীয়া কুলিন আৰু ১২ বছৰীয়া টুকুৱে কৰুণ মৃত্যুক সাবটি লয় (Three brothers die at a time )।
তিনি ককাই ভায়ে ঘৰৰ পিছফালে থকা পথাৰত হাল বাই আছিল। সৰু ভাতৃয়ে পুখুৰীত গা ধুবলৈ নমাত দ' ঠাইত সোমাই যায়। সৰু ভায়েক পানীৰ তললৈ সোমাই যোৱাত কাষতে থকা আন দুজনে উদ্ধাৰ কৰিবলৈ যোৱাত তিনিওজনেই কৰুণ মৃত্যুক সাবটি ল'ব লগা হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।
লগে লগে ডিব্ৰুগড়ৰ SDRF বাহিনীক খবৰ দিয়াত আটাইৰে মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই পৰিয়ালটোৰ লগতে অঞ্চলবাসীক মৰ্মাহত কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|