ভুৱা বিত্তীয় প্ৰতিষ্ঠানে অসমৰ ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰাৰ পিছতো শিক্ষা লোৱা নাই অসমৰ জনসাধাৰণে।ফলত পুনৰবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰলোভনত পতিয়ন গৈ সৰ্বসাধাৰণ জনতাই হেৰুৱাইছে নিজৰ কষ্ট উপাৰ্জিত ধন।এইবাৰ কলকাতা কিম্বা আন ৰাজ্যৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত নহয় ৰাইজে গাঁঠিৰ ধন হেৰুৱাইছে অসমৰ মাটিত জন্ম হোৱা এটি ভুৱা বিত্তীয় প্ৰতিষ্ঠানত।
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যলয়ৰ নাতিদূৰত আৰম্ভ হৈছিল সুজাতা মিউচুৱেল বেনিফিট নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠান। উক্ত গাঁওখনৰে পিণ্টু দেৱনাথ নামৰ লোকজনে ২০১৮ চনত আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে বিভিন্ন প্ৰলোভনমুখী আঁচনিৰ জৰিয়তে পৰ্যায়ক্ৰমে ৮ বা ১০ মাহত জমা ধন দুগুণ হোৱাৰ অচিলাৰে এজেন্ট নিয়োগ কৰি সংগ্ৰহ কৰিছিল ধন। কিন্তু ৰাইজৰ ধন সংগ্ৰহ কৰাৰ পিছত ওভতাই দিব নোৱাৰাত প্ৰতিষ্ঠানটোত পইচা জমা থোৱা মিঠুন সৰকাৰসহ আঠগৰাকী লোকে কালি হোজাই থানাত দাখিল কৰে এখন এজাহাৰ।
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৯৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত হোজাই থানৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰে শংকৰদেৱ নগৰৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কাৰ্যলয়ত অভিযান চলাই মুখ্য সঞ্চালক পিণ্টু দেৱনাথসহ সঞ্চালক ভাতৃদ্বয় ক্ৰমে ছেন্টু দেৱনাথ আৰু মণ্টু দেৱনাথক গ্ৰেপ্তাৰ কৰি থানাত লৈ অনাৰ পিছত ভাতৃত্ৰয়ে ৰাইজক বুৰ্বক বনাই বিত্তীয় প্ৰতিষ্ঠানটোৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে।
ইতিমধ্যে আৰক্ষীৰ ওচৰত দাখিল হোৱা এজাহাৰ মতে ৫ কোটি টকা আত্মসাৎ কৰা বুলি উল্লেখ আছে যদিও লোকজন গ্ৰেপ্তাৰ হোৱাৰ খবৰ পোৱাৰ পিছত থানাত উপস্থিত হোৱা এজেন্টসকলে প্ৰকাশ কৰা মতে প্ৰতিষ্ঠানটোৱে ৰাইজৰ পৰা ১৫ কোটিতকৈ অধিক ধন আত্মসাৎ কৰিছে।ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তিনিওকে গ্ৰেপ্তাৰ কৰি চলাই আছে তদন্ত। আনহাতে ৰাইজৰ ধন আত্মসাৎ কৰি ভাতৃত্ৰয়ে শংকৰদেৱ নগৰত নিৰ্মাণ কৰিছিল এক বিশাল অট্টালিকাও। ৰাইজৰ ধন আত্মসাৎ কৰি কোটিপতি হোৱা অভিযুক্ত ভাতৃত্ৰয়ৰ লগত আৰু কোন কোন জড়িত আছে সেয়া উদঘাটন কৰিবলৈ আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|