ৰহাত কলঙৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও বহু ঠাইত এতিয়াও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। ইয়াৰ মাজতে ৰহাৰ বাৰপূজীয়া বোকাবিলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পানী চাবলৈ গৈ বাঢ়নি পানীত উটি গ'ল তিনিটি কিশোৰ। সৌভাগ্যক্ৰমে দুজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এজন পানীত পৰি সন্ধানহীন হয় ভূপেন বৰদলৈ (১৭)নামৰ কিশোৰজন।
জানিব পৰা মতে বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমনি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ থাকোতে হঠাৎ পিচলি পানীৰ সোঁতত উটি যায়। কিন্তু সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমনি ৰক্ষা পৰে যদিও পানীৰ সোঁতত উটি যায় ভূপেন বৰদলৈ। পিছত উক্ত স্থানত এচ ডি আৰ এফে ভূপেনৰ সন্ধানত অভিযান চলাই বহু সময়ৰ পাছত কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃত ভূপেন বৰদলৈ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। ভূপেন বৰদলৈৰ অকাল মৃত্যুত সমগ্ৰ বাৰপূজীয়া অঞ্চলত শোকৰ ছা পৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 26, 2022, 21:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|