মুখ্যপৃষ্ঠা »খবৰ »অসম »শিৱসাগৰ প্ৰেছ ক্লাবত তিনিখন গ্ৰন্থ উন্মোচন ! ৰীতামণি বৰাৰ দুখন আৰু পৰাগ ৰাজখোৱাৰ এখন গ্ৰন্থ উন্মোচন ...

শিৱসাগৰ প্ৰেছ ক্লাবত তিনিখন গ্ৰন্থ উন্মোচন ! ৰীতামণি বৰাৰ দুখন আৰু পৰাগ ৰাজখোৱাৰ এখন গ্ৰন্থ উন্মোচন ...

শিৱসাগৰ প্ৰেছ ক্লাবত আজি তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। শিৱসাগৰ কলেজৰ অধ্যাপিকা, সু-লেখিকা ড° ৰীতামণি বৰাৰ সৃষ্ট গল্পপুথি " দূৰৈৰ আকাশ", কবিতা সংকলন " যাওঁ বুলি নোকোৱাকৈ  গুচি যোৱা ভাল" আৰু ড° পৰাগ ৰাজখোৱাৰ প্ৰৱন্ধ সংকলন " নিজানৰ নিনাদ" উন্মোচন কৰা হয়।

  • Share this:

গ্ৰন্থখন কেইখন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাঁচী মহন্ত , বিশিষ্ট কবি প্ৰেম গগৈ, কুঞ্জ বৰুৱা, অধ্যাপক ড° উৎপল দত্ত , শিৱসাগৰ কলেজৰ শিক্ষা বিভাগৰ অধ্যাপিকা মলয়া বৰগোহাঁই আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই। খলিলুৰ ৰহমান হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত গ্ৰন্থ উন্মোচন কৰি ড° সব্যসাঁচী মহন্তই  ড° পৰাগ ৰাজখোৱাই ৰচনা কৰা "নিজানৰ নিনাদ " গ্ৰন্থখন বিশেষভাৱে সক্ষমসকলৰ হাতপুঁথি স্বৰূপ হৈ পৰিব বুলি আশা প্ৰকাশ কৰে। গ্ৰন্থখনে  এটা ভাল সামাজিক বাৰ্তা দিয়া বুলিও সদৰী কৰে ড° মহন্তই । ইপিনে ড° ৰীতা বৰাই  অন্তৰ তথা  হৃদয়ৰ তাগিদাৰ পৰা কবিতা লিখি অহা বুলি মন্তব্য কৰে। তদুপৰি সমালোচনা সাহিত্যৰ ক্ষেত্ৰটো বৰঙণি আগবঢ়াই অহা ড° ৰীতা বৰাৰ প্ৰকাশভংগী তথা কথনশৈলী অতি শক্তিশালী বুলি ব্যক্ত কৰে। ড° সব্যসাঁচী মহন্তই আৰু কয় " ৰীতা বৰাৰ সৃষ্টিয়ে জীৱনবোধ, মানৱীয়তাৰ শিক্ষা দিয়ে । সমকালীন সামাজিক প্ৰেক্ষাপট তুলি ধৰিছে । "

অনুষ্ঠানত বিশিষ্ট কবি, শিক্ষক কুঞ্জন বৰুৱাই পাঠকেহে কবিতাৰ উন্মোচন কৰে বুলি উল্লেখ কৰি কয় যে "  কবিতা শব্দৰ শিল্প, ব্যঞ্জনাৰ শিল্প । কবিতাৰ শব্দত ব্যাপ্তি থাকে। শব্দ বয়ন আৰু চয়নৰ ওপৰত নিৰ্ভৰ কৰে। কবিতা এক ভাস্কৰ্য শিল্প স্বৰূপ।" ড° ৰীতামণি বৰাৰ সৃষ্ট অসমীয়া কাব্য সাহিত্যত অনন্য নতুন সংযোজন বুলিও ভূয়সী প্ৰশংসা কৰে কুঞ্জন বৰুৱাই। অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট কবি প্ৰেম গগৈয়ে ড° ৰীতামণি বৰাই কবিতাক জীৱন শিল্প হিচাপে লোৱা বুলি উল্লেখ কৰে।

শেহতীয়া বাতৰি