নিষিদ্ধ গলিৰ কাহিনী, শিলিগুৰিৰ ৰেড লাইট এৰিয়াৰ পৰা পলাই অহা অসমৰ ৩ যুৱতীৰ ভয়ংকৰ সত্য

News18 Assam | News18-Assam
Updated:February 7, 2020, 12:00 PM IST
নিষিদ্ধ গলিৰ কাহিনী, শিলিগুৰিৰ ৰেড লাইট এৰিয়াৰ পৰা পলাই অহা অসমৰ ৩ যুৱতীৰ ভয়ংকৰ সত্য
প্ৰতিদিনে তেওঁলোকে সহিবলগীয়া হৈছিল বহু শাৰিৰীক আৰু মানসিক নিৰ্যাতন। যুৱতীকেইগৰাকীৰ ম’বাইল ফোন কাঢ়ি লোৱা হৈছিল, কোনো লোকৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাছিল।

প্ৰতিদিনে তেওঁলোকে সহিবলগীয়া হৈছিল বহু শাৰিৰীক আৰু মানসিক নিৰ্যাতন। যুৱতীকেইগৰাকীৰ ম’বাইল ফোন কাঢ়ি লোৱা হৈছিল, কোনো লোকৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাছিল।

  • Share this:
দেশত মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ জালত পৰি ধ্বংস হৈছে বহু কিশোৰী–যুৱতীৰ জীৱন। প্ৰলোভন–প্ৰৰোচনাত ভোল গৈ মানৱ সৰবৰাহকাৰীৰ চক্ৰৰ ফান্দত ভৰি দিয়ে বহু কিশোৰী–যুৱতীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ ঘটনা। শিলিগুৰিৰ নিষিদ্ধ গলিৰ পৰা পলাই অহা তিনি যুৱতীয়ে বিৱৰি ক’লে ভয়ংকৰ কাহিনী।

অসমৰ এই তিনিগৰাকী যুৱতীক মানৱ সৰবৰাহকাৰী চক্ৰই বিক্ৰী কৰিছিল শিলিগুৰিৰ নিষিদ্ধ গলিত। শিলিগুৰিৰ খালপাৰাৰ দেহ ব্যৱসায়ৰ ঘাটিত এই তিনি যুৱতীক বিক্ৰী কৰা হৈছিল। ইয়াৰে এগৰাকী যুৱতীক প্ৰেমৰ নাটকেৰে বিয়া পতাৰ প্ৰলোভন দি, এগৰাকীক অপহৰণ কৰি আৰু আন এগৰাকীক প্ৰেমৰ জালত পেলাই বিক্ৰী কৰিছিল পতিতালয়ত।

তিনিওগৰাকী যুৱতীক পতিতালয়ত বিক্ৰী কৰিছিল বেলেগ বেলেগ যুৱকে। এজন সৰবৰাহকাৰীৰ নাম ছাদ্দাম বুলি উল্লেখ কৰিছে ভুক্তভোগী যুৱতীয়ে। শিলিগুৰিৰ পতিতালয়ত এগৰাকীয়ে দুবছৰ, এগৰাকীয়ে চাৰি বছৰ আৰু এগৰাকী যুৱতীয়ে কটাবলগীয়া হৈছিল চাৰি মাহ।

প্ৰতিদিনে তেওঁলোকে সহিবলগীয়া হৈছিল বহু শাৰিৰীক আৰু মানসিক নিৰ্যাতন। যুৱতীকেইগৰাকীৰ ম’বাইল ফোন কাঢ়ি লোৱা হৈছিল, কোনো লোকৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাছিল। ওলাই আহিবলৈ দিয়া হোৱা নাছিল বাহিৰলৈ। গ্ৰাহকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বিৰোধিতা কৰিলে চলিছিল শাৰীৰিক অত্যাচাৰ। খাবলৈ দিয়া হৈছিল যদিও হাতত দিয়া নাছিল এটা টকাও।

শিলিগুৰিৰ উক্ত নিষিদ্ধ গলিত আছে অসমৰ বহু ঠাইৰ আৰু বহু যুৱতী। মানৱ সৰবৰাহকাৰীৰ টোপত ভোল গৈ নিষিদ্ধ গলিৰ বাসিন্দা হ’বলগীয়া হৈছে অসমৰ বহু যুৱতী। এই কথা উল্লেখ কৰিলে পলাই অহা তিনি ভুক্তভোগীয়ে।

কিন্তু, এই তিনি যুৱতীয়ে অসম কেনেকৈ পালে? খালপাৰাৰ এই নিষিদ্ধ গলিৰ পৰা কৌশলেৰে তিনি যুৱতীয়ে পলাই আহি ৰে’লযোগে উপস্থিত হয় গুৱাহাটীত। ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি তিনি যুৱতীক গতাই দিয়ে মহানগৰীৰ উজ্জ্বলা আশ্ৰয় গৃহৰ কৰ্তৃপক্ষক। সম্প্ৰতি তিনি যুৱতীক স্বাস্থ্য পৰীক্ষাৰ অন্তত আৰক্ষীৰ সহায়ত নিজ ঘৰলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আশ্ৰয় গৃহৰ কৰ্তৃপক্ষই।
আৰু চাওক
পৰৱৰ্তী বাতৰি