‘অসমবাসীৰ সুৰক্ষা, নিৰাপত্তাই আমাৰ প্ৰধান লক্ষ্য’,বিজেপিৰ শান্তি সমদলত অগপৰ তিনি মন্ত্ৰী

News18 Assam | News18-Assam
Updated:December 29, 2019, 1:19 PM IST
‘অসমবাসীৰ সুৰক্ষা, নিৰাপত্তাই আমাৰ প্ৰধান লক্ষ্য’,বিজেপিৰ শান্তি সমদলত অগপৰ তিনি মন্ত্ৰী
Source-Google

শুৱালকুছিত বিজেপিয়ে অনুষ্ঠিত কৰিছে শান্তি আৰু ঐক্যৰ বাবে সভা আৰু সমদল

  • Share this:
জাগীৰোডৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে আজি জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শুৱালকুছিত অনুষ্ঠিত কৰিছে শান্তি আৰু ঐক্যৰ বাবে সভা আৰু সমদল। বিজেপিয়ে আয়োজন কৰা সমাবেশত উপস্থিত আছে অসমৰ ‘আঞ্চলিকতাবাদী শক্তি’ৰ তিনি ‘ধ্বজাবাহি’ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী।

ভাষণ প্ৰসংগত অতুল বৰাই কয় যে, ‘আমাৰ লক্ষ্য অসমৰ শান্তি, সম্প্ৰীতি উন্নয়ন। আমি অসমবাসীৰ সুৰক্ষা বিচাৰো। অসমবাসীৰ নিৰাপত্তাই আমাৰ প্ৰধান লক্ষ্য। সেয়েহে আমি বিজেপিৰ লগত আছো। নৰেন্দ্ৰ মোদীৰ ওপৰত আমাৰা সম্পূৰ্ণ বিশ্বাস আছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি