
৫ জুলাইত হাছিনাই নলবাৰী জিলাৰ অন্তৰ্গত দৌলশাল আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা বুলিও জনায় প্ৰেছ বাৰ্তাত।
৫ জুলাইত হাছিনাই নলবাৰী জিলাৰ অন্তৰ্গত দৌলশাল আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা বুলিও জনায় প্ৰেছ বাৰ্তাত।
যোৱা ৪ জুলাইত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেত্ৰী হাছিনা আহমেদক টেলিফোনত প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। আজি প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাত হাছিনাই কয় – ৪ জুলাই তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা ৮.৩০ বজাৰ ভিতৰত তেওঁলৈ দুটা ফোন আহিছিল আৰু ফোনত তেওঁক লাফিকুলৰ দৰে মৃত্যু বৰণ কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছিল। লগতে চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত লিখি থাকিলে জে’লত ভৰোৱাৰো ভাবুকি দিয়ে। ৫ জুলাইত হাছিনাই নলবাৰী জিলাৰ অন্তৰ্গত দৌলশাল আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা বুলিও জনায় প্ৰেছ বাৰ্তাত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|