দীপৰ বিলৰ সংৰক্ষণ আৰু ডাম্পিং গ্ৰাউণ্ড উঠাই নিয়াৰ দাবীত প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক
দীপৰ বিলৰ সংৰক্ষণ আৰু ডাম্পিং গ্ৰাউণ্ড উঠাই নিয়াৰ দাবীত প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক
বৰগাঁৱৰ নতুন ডাম্পিং গ্ৰাউণ্ড বেলতলী মূল পথ বন্ধ কৰি প্ৰতিবাদ পামহি, ধলবমা, মাইনাখোৰং, দেউচোতাল, আজাৰা, দীপৰ বিল আৰু দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ।প্ৰতিবাদত অংশগ্ৰহণ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ (Ramendra Narayan Kalita)। দীৰ্ঘদিন ধৰি আলোচনা-বিলোচনা চলি আছিল যদিও কোনো সুফল নোপোৱাত এনেদৰে প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক।
বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰিম বুলি আশ্বাস দিছিল যদিও কোনো কাম-কাজ নেহোৱাত ক্ষোভিত লোকসকল। প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ আৰক্ষী প্ৰশাসনৰ লোক মোতায়েন কৰা হয়।
ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত উপস্থিত হোৱাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ (GMC) আয়ুক্তই বুজনি দিয়াৰ চেষ্টা চলায়। কিন্তু প্ৰতিবাদকাৰীসকলে ডাম্পিং গ্ৰাউণ্ড (dumping ground) উঠাই নিয়াৰ দাবীত প্ৰতিবাদ কৰি বিভিন্ন শ্লোগান দিয়ে।
প্ৰতিবাদকাৰীসকলে জাবৰ কঢ়িওৱা এখন বাহনো আজি প্ৰৱেশ কৰিবলৈ নিদিয়ে। শেষত পৌৰ নিগম আয়ুক্তৰ দেৱাশিস শৰ্মাই আশ্বাস দিয়ে যে এসপ্তাহৰ ভিতৰত এই সমস্যা সমাধান কৰা হ'ব।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডাম্পিংগ্ৰাউণ্ডৰ বাবে মহানগৰীৰ অন্য ৭টাকৈ স্থান সাজু কৰা হৈছে বুলি উল্লেখ কৰি ৭ দিনৰ সময় লয় যদিও দীঘলীয়া সময়ৰ প্ৰয়োজন হব' বুলি কয় সংবাদ মাধ্যমৰ আগত। আনহাতে প্ৰতিবাদকাৰীসকলৰ মন্তব্য যদিহে এসপ্তাহৰ ভিতৰত সমস্যা সমাধান নহয়, তেনেহলে পুনৰ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|