গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ যোৱা বা মিজোৰামলৈ যোৱা এইটোৱেই একমাত্ৰ সূচল পথ। এই পথত এতিয়া ভূমিস্খলনৰ বাবে হাজাৰ হাজাৰ লোক পথতে আবদ্ধ হৈ আছে।
গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ যোৱা বা মিজোৰামলৈ যোৱা এইটোৱেই একমাত্ৰ সূচল পথ। এই পথত এতিয়া ভূমিস্খলনৰ বাবে হাজাৰ হাজাৰ লোক পথতে আবদ্ধ হৈ আছে।
বৰাক উপত্যকা, ডিমা হাছাও আৰু মেঘালয়ত যোৱা চাৰিদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা হাছাওৰ বিভিন্ন ঠাইত ভয়ংকৰ ভূমিস্খলন হৈছে। অসম–মেঘালয় হৈ বৰাকলৈ যোৱা পথত আৰু ডিমা হাছাওৰ বহু পথ ভূমিস্খলনৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ আছে। বৰাক উপত্যকালৈ যোৱাৰ পথত সোণাপুৰৰ পৰা ৰাতাচেৰা পেট্ৰ’ল পাম্পৰ মাজৰ পথছোৱাত অতিকমেও প্ৰায় দহ হাজাৰ লোক আবদ্ধ হৈ আছে।
উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ যোৱা বা মিজোৰামলৈ যোৱা এইটোৱেই একমাত্ৰ সূচল পথ। এই পথত এতিয়া ভূমিস্খলনৰ বাবে হাজাৰ হাজাৰ লোক পথতে আবদ্ধ হৈ আছে। য’ত আবদ্ধ হৈ আছে বৰাক উপত্যকাৰ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথো।
ৰুমী নাথে অভিযোগ কৰা মতে, পথত আবদ্ধহৈ থকা লোক সকলক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। পথ মুকলি কৰি দিয়াৰো কোনো ব্যৱস্থা নাই বুলি কৈছে ৰুমী নাথে। প্ৰাক্তন বিধায়িকাগৰাকীৰ মতে শিশু–মহিলাৰ পৰা বৃদ্ধলৈ বহু লোক আবদ্ধ হৈ আছে, যাৰ নাই খাবলৈ কোনো ব্যৱস্থা বা শৌচ–প্ৰস্ৰাৱৰ ব্যৱস্থা। এইক্ষেত্ৰত ৰুমী নাথে কাছাৰৰ উপায়ুক্তক ফোন কৰি অভিযোগো দিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|