• Home
  • »
  • News
  • »
  • assam
  • »
  • সেমেকি উঠিল সকলোৰে চকু! অন্তিম যাত্ৰাত অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনালে ‘চিৰ তৰুণ’ তৰুণ গগৈক

সেমেকি উঠিল সকলোৰে চকু! অন্তিম যাত্ৰাত অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনালে ‘চিৰ তৰুণ’ তৰুণ গগৈক

কোনোৱে যদি দূৰৰ পৰাই নমস্কাৰ জনাইছে, কোনোৱে মোবাইলতে বন্দী কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাৰ এখন ফটো!

  • Share this:
কোনোৱে যদি দূৰৰ পৰাই নমস্কাৰ জনাইছে, কোনোৱে মোবাইলতে বন্দী কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাৰ এখন ফটো! অন্তিম যাত্ৰাত অজস্ৰ গুণমুগ্ধই তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে।

দিছপুৰৰ চৰকাৰী আৱাসগৃহৰ পৰা ৰুক্মিণী গাঁৱৰ গীৰ্জালৈকে। তাৰ পিছত  জু ৰোডৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গুৱাহাটী ক্লাৱৰ বুঢ়া জামে মহজিদ, শুক্লেশ্বৰ মন্দিৰ আৰু উগ্ৰতাৰা মন্দিৰলৈ শোভাযাত্ৰা কৰি লৈ যোৱাৰ সময়ত পথৰ দুয়ো কাষে বহু সময়ৰ পৰা অপেক্ষা কৰি থকা অজস্ৰ গুণমুগ্ধই তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অন্তিম যাত্ৰাৰ সময়ৰ শোভাযাত্ৰাৰ মূল বাহনখনত থকা সাংসদ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং , সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে অন্যান্য সকলে উপস্থিত ৰাইজক সেৱা জনায়।
Published by:Himangshu Bhuyan
First published: