বান–খহনীয়াই থানবান কৰি পেলালে আপোন ঘৰখন, মুকলি আকাশৰ তলত হাজাৰ হাজাৰ গৃহহীন লোক

News18 Assam | News18-Assam
Updated:August 11, 2020, 7:11 PM IST
বান–খহনীয়াই থানবান কৰি পেলালে আপোন ঘৰখন, মুকলি আকাশৰ তলত হাজাৰ হাজাৰ গৃহহীন লোক
ব্ৰহ্মপুত্ৰৰ কালৰূপত অনিশ্চিত ভৱিষ্যতৰ দিশে এই অঞ্চলৰ শিক্ষা ব্যৱস্থাও। এখনৰ পিছত এখন বিদ্যালয় জাহ গৈছে নৈৰ গৰ্ভত।

ব্ৰহ্মপুত্ৰৰ কালৰূপত অনিশ্চিত ভৱিষ্যতৰ দিশে এই অঞ্চলৰ শিক্ষা ব্যৱস্থাও। এখনৰ পিছত এখন বিদ্যালয় জাহ গৈছে নৈৰ গৰ্ভত।

  • Share this:
পঞ্চাশ বছৰীয়া সোনাউল্লা মিঞা পেছাত দৰ্জী। বৰ্তমানে মুকলি আকাশৰ তলত বহি নেদেখাজনক প্ৰাৰ্থনা কৰাৰ বাহিৰে একো উপায় নাই। কাৰণ বহু কষ্টেৰে সজা সপোনৰ ঘৰ–বাৰী ভাঙি থানবান হৈ গৈছে বিগত দুটা সপ্তাহত। এবাৰ দুবাৰ নহয়, বিগত দহ বছৰত  চাৰি-পাঁচবাৰকৈ ঘৰ–বাৰী ভাঙি যোৱাৰ ফলত গৃহহীন সোনাউল্লা।

পশ্চিম অসমৰ দক্ষিণ শালমাৰাৰ পামপাৰা- চতলাৰপাৰ অঞ্চলটোৰ অধিকাংশ পৰিয়ালৰ একেই অৱস্থা। বানপানী কমি যোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই এখনৰ পিছত এখন গাঁও মানচিত্ৰৰ পৰা নাইকীয়া কৰিছে।

পেছাত দৰ্জী সোনাউল্লা মিঞা। চতলাৰপাৰ বজাৰত থকা দোকানখন তিনি সপ্তাহ পূৰ্বেই খহনীয়াত জাহ গ’ল। এতিয়া বহু কষ্টেৰে সজা ঘৰটোৰ ওচৰ আহি পালে নৈ। উপায় নাই, পৰিয়ালৰ সকলোৱে মিলি সপোনৰ ঘৰখন ভাঙিবলৈ আৰম্ভ কৰিছে।

লকডাউনৰ ফলত কাম বন্ধ হৈ যোৱাত চৰকাৰী সুলভ মূল্যৰ চাউলেৰে কোনোমতে দুবেলা দুমুঠি যোগৰ হৈছে পাঁচজনীয়া পৰিয়ালটোৰ। তিনি সন্তানৰ ভিতৰত দুটি সন্তানে তাঁতশালৰ সূতা গোটোৱা কাম কৰি দিনটোত উপাৰ্জন কৰে প্ৰায় এশ–ডেৰশ টকা। সেয়া সঞ্চয় কৰিয়ে চাৰি হাজাৰ টকাৰে অলপ নিলগত এডোখৰ মাটি ভাড়াত লৈছে। তাতেই কোনোমতে ঘৰটো ভাঙি লৈ গৈ নতুনকৈ বন্ধাৰ কাম আৰম্ভ কৰিব।

দক্ষিণ শালমাৰাৰ পামপাৰা-চতলাৰপাৰৰ সোনাউল্লা মিঞা মাত্ৰ এটা উদাহৰণহে। বান আৰু খহনীয়াৰ ফলত নিজৰ ঘৰ–সম্পত্তি হেৰুওৱা তালিকাখন বহু দীঘলীয়া। দুৰ্যোগৰ ফলত বিপদত পৰা মানুহবোৰক সহায়ৰ হাত আগবঢ়াবলৈ প্ৰতিবেশীৰ বাহিৰে ওলাই অহা নাই আন কোনো।

ব্ৰহ্মপুত্ৰৰ কালৰূপত অনিশ্চিত ভৱিষ্যতৰ দিশে এই অঞ্চলৰ শিক্ষা ব্যৱস্থাও। এখনৰ পিছত এখন বিদ্যালয় জাহ গৈছে নৈৰ গৰ্ভত। হামিদাবাদ, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা আদি  কেইবাটাও উন্নয়ন খণ্ডত বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, ঈদগাহ, বজাৰ, ঘৰ–বাৰী আদি আছিল এমাহ পূৰ্বেও। কিন্তু বৰ্তমান ধ্বংসাৱশেষৰ বাদে একো নাই।

‘কৃষিপ্ৰধান এই অঞ্চলটোৰ খেতি মাটি বৰ্তমানে বালিৰে পোত যোৱাৰ ফলত কৰিব পৰা নাই কৃষিকৰ্ম। নৈত মাছ মাৰি আৰু চৰৰ ঘাঁহ কাটি চহৰৰ বজাৰত বিক্ৰী কৰি কোনোমতে উলিয়াইছো দুবেলা দুমুঠি ভাত।’ – ক’লে মাটিফাটাৰ গাঁৱৰ যুৱক ছাদ্দাম হুছেইনে। ভৱিষ্যতৰ কথা চিন্তা কৰি এতিয়া হুমুনিয়াহ কাঢ়িছে অঞ্চলটোৰ বাসিন্দাসকলে।
Published by: Sanjay Kumar Das
First published: August 11, 2020, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading