• Home
  • »
  • News
  • »
  • assam
  • »
  • নিষ্ঠুৰ! পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে হাজাৰ হাজাৰ মাছ

নিষ্ঠুৰ! পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে হাজাৰ হাজাৰ মাছ

এইবাৰ বানপানীত ব্যৱসায়ীজনৰ কেইবাটাও পুখুৰীৰ মাছ ওলাই যোৱাৰ পিছত দুৰ্বৃত্তই বাকী থকা একমাত্ৰ পুখুৰীটোত বিহ দি মাছ নিধন কৰে৷

  • Share this:
বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত কেইবা লক্ষাধিক টকাৰ মাছ নিধন৷ স্থানীয় মুতালেপ মিঞা নামৰ লোক এজনৰ পুখুৰীত বিগত দুটা দিন ধৰি হাজাৰ হাজাৰ মাছ ওপঙি উঠিছে৷ দুৰ্বৃত্তই পুখুৰীটোত বিহ দিয়াৰ ফলত মাছৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

মৎস্য ব্যৱসায়ীজনে পুখুৰীত ঔষধ আদি দি মাছসমূহ ৰক্ষা কৰিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হ’বলগীয়া হৈছে৷ এইবাৰ বানপানীত ব্যৱসায়ীজনৰ কেইবাটাও পুখুৰীৰ মাছ ওলাই যোৱাৰ পিছত দুৰ্বৃত্তই বাকী থকা একমাত্ৰ পুখুৰীটোত বিহ দি মাছ নিধন কৰে৷ পুখুৰীত বিহ দিয়াৰ ফলত ব্যৱসায়ীজন কেইবা লক্ষাধিক টকা লোকচানৰ সন্মুখীন হোৱা বুলি জানিবলবৈ দিছে৷
Published by:Sanjay Kumar Das
First published: