পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস। অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে চৰ্চালৈ আহিছে ভিক্টৰ। এই পৰীক্ষাত ভিক্টৰৰ ইনষ্টিটিউটৰ পৰা এহেজাৰতকৈও অধিক ছাত্ৰ–ছাত্ৰী চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। যাক এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে।
অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু চৰ্চিত ভিক্টৰ দাসে। মঙলবাৰে নিশা কামৰূপৰ দদৰাৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত ভিক্টৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ভিক্টৰ দাসে ক’লে, ‘মই জেনুইন মানুহ, মই ভাগৰা নাই।’
উল্লেখযোগ্য যে ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। অৱশ্যে পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে। জামিন মুক্তিলাভ কৰাৰ পিছতে ভিক্টৰে পুনৰ আৰম্ভ কৰিছে নিজৰ কাম। ছাত্ৰ–ছাত্ৰীক পাঠদানৰ কাম আৰম্ভ কৰিছে ভিক্টৰ দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|