একেটা দিনতে ‘টেট’ আৰু ‘আইডল’ৰ পৰীক্ষা, শলঠেকত সহস্ৰাধিক শিক্ষিত যুৱক–যুৱতী!

News18-Assam
Updated:October 22, 2019, 1:49 PM IST
একেটা দিনতে ‘টেট’ আৰু ‘আইডল’ৰ পৰীক্ষা, শলঠেকত সহস্ৰাধিক শিক্ষিত যুৱক–যুৱতী!
News18-Assam
Updated: October 22, 2019, 1:49 PM IST
শিক্ষা বিভাগৰ অদূৰদৰ্শিতাৰ আন এক নজিৰ সন্মুখলৈ আহিছে। এই সিদ্ধান্তৰ কাৰণে ৰাজ্যৰ হাজাৰ হাজাৰ যোগ্য যুৱক–যুৱতী শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা ‘টেট’ৰ পৰা বঞ্চিত হ’ব। অহা ১০নৱেম্বৰত ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব ‘টেট’। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ লাখ লাখ নিবনুৱাই ইতিমধ্যে আৱেদন কৰিছে। কিন্তু টেট’ত অৱতীৰ্ণ হ’বলৈ যোগ্যতা থাকিলেও বহুতেই এই পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব। কাৰণ একেটা তাৰিখতে অৰ্থাত্‍ ১০নৱেম্বৰতে অনুষ্ঠিত হৈ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ ‘আইডল’ৰ স্নাতকোত্তৰ পৰীক্ষা। যোৱা ২০ ছেপ্তেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ ডি জে চৌধুৰী স্বাক্ষৰিত ‘আইডল’ৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ সূচী মুকলি কৰা হৈছে। অহা ৩ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ ১০নৱেম্বৰৰ দুয়োবেলা (পুৱা ৯.৩০বজাৰ পৰা দুপৰীয়া ১২.৩০বজালৈ আৰু বিয়লি ১.৩০বজাৰ পৰা ৮.৩০বজালৈকে) পৰীক্ষা আছে। এই দিনটোত অসমীয়া, ইংৰাজী, অৰ্থনীতি,  বিজ্ঞান, অংক, বাংলা, শিক্ষা, সংস্কৃত আদি বিষয়ৰ পৰীক্ষা আছে। তদুপৰি একেটা দিনতে আইডলৰ অধীনত বহুকেইটা বিষয়ৰ স্নাতকোত্তৰ প্ৰিভিয়াছ আৰু স্নাতকোত্তৰ ডিপ্ল’মা বিষয়বোৰৰো পৰীক্ষা অনুষ্ঠিত হ’ব। স্নাতকোত্তৰ বিজ্ঞান আৰু কলা শাখাৰ প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষাও আছে একেটা দিনতে। একেটা তাৰিখতে আছে আইডলৰ বিচিএৰ পৰীক্ষা, পৰিৱেশ অধ্যয়নৰ পৰীক্ষা আৰু এমচিএৰ পৰীক্ষা। ‘আইডল’ৰ জৰিয়তে স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সহস্ৰাধিক শিক্ষাৰ্থী ‘টেট’ত অৱতীৰ্ণ হ’বলৈও নিৰ্বাচিত হৈছে। এতিয়া বিমোৰত পৰিছে এইসকল শিক্ষাৰ্থী। কিয়নো যদিহে ‘টেট’ত অৱতীৰ্ণ হৈ ‘আইডল’ৰ পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ নহয় তেওঁলোকৰ এটা শিক্ষাবৰ্ষ লোকচান হ’ব। আনহাতে ইয়াৰ বিপৰীতে আইডলৰ পৰীক্ষাত অৱতীৰ্ণ হ’লে শিক্ষকৰ চাকৰি নাপায়। তাৎপৰ্যপূৰ্ণ যে যদিহে আইডলৰ পৰীক্ষাৰ এটা দিনৰ সালসলনি কৰে তেনেহ’লে তেওঁলোকে সমগ্ৰ সূচীৰে পৰিৱৰ্তন কৰিব লাগিব সেয়েহে বিশ্ববিদ্যালয়ৰ সূত্ৰই সংবাদমাধ্যমক জনোৱাৰ মতে আইডলৰ স্নাতকোত্তৰৰ দ্বিতীয় আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা পিছুৱাৰ সম্ভাৱনা কম। দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হ’ব খোজা শিক্ষাৰ্থীসকলে সেয়েহে ‘টেট’ পিছুৱাৰ কাৰণে শিক্ষামন্ত্ৰীক আৱেদন কৰিছে। অৰ্থাৎ বল এতিয়া শিক্ষামন্ত্ৰীৰ কৰ্টত। উল্লেখযোগ্য যে ১০ নৱেম্বৰৰ দিনা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদে মিলাদ’ পৰ্বও আছে। ভাৰত চৰকাৰৰ মতে এই দিনটো ‘গেজেটেড হলিডে’।
আৰু চাওক পৰৱৰ্তী বাতৰি