হোজাই জিলাৰ ডবকাৰ পুৰণা বজাৰত থকা দলঙৰ নিচেই কাষতেই যমুনা নৈৰ দাঁতিত উদ্ধাৰ হয় কেইবা হাজাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ATM, বেংক চেকবুক,পাছবুকৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ ডবকা পোষ্ট অফিচৰ সন্মুখত থকা যমুনা নৈত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷
পৰিত্যক্ত অৱস্থাত আধাৰ কাৰ্ডৰ বস্তাসমূহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ডবকা আৰক্ষীক ৷ কেউবাটাও ডাকঘৰৰ ছীল-মোহৰ মৰা বস্তাও উদ্ধাৰ হয় যমুনা নৈৰ পাৰৰ পৰা৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষী (Doboka Police) উপস্থিত হৈ আধাৰ কাৰ্ডৰ লগতে বস্তাসমূহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ডাকঘৰৰ কৰ্মচাৰীয়ে আধাৰকাৰ্ডসমূহ ৰাইজক বিলোৱাৰ পৰিৱৰ্তে এনেদৰে নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ লোকে ৷ সমগ্ৰ ঘটনাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে৷
এইক্ষেত্ৰত ডবকা ডাক বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰা হয় যদিও বিষয়াগৰাকীয়ে ডবকা পোষ্ট অফিচত নতুনকৈ যোগদান কৰা বুলি উল্লেখ কৰি এইবোৰ নথি পুৰণি বুলি সন্দেহ কৰাৰ লগতে তদন্ত কৰিলে সকলো পোহৰলৈ আহিব বুলি কয়৷ এইক্ষেত্ৰত হোজাই জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷
- First Published :