ৰহস্য আৰু ষড়যন্ত্ৰৰে ভৰপূৰ ক্ৰাইম থ্ৰীলাৰ যেন লগা এটা বাস্তৱ ঘটনা ৷
ৰহস্য আৰু ষড়যন্ত্ৰৰে ভৰপূৰ ক্ৰাইম থ্ৰীলাৰ যেন লগা এটা বাস্তৱ ঘটনা ৷
সকলো হতবাক! ৩ মাহৰ পূৰ্বে মৃত ঘোষিত যুৱকৰ সন্ধান ওলাল কোৱাৰেণ্টাইন চেণ্টাৰত। কোৰোণা ভাইৰাছ যেন আশীৰ্বাদ হৈ পৰিল ধেমাজিৰ চিলাপথাৰৰ এটা পৰিয়ালৰ বাবে!
যুৱকৰ নাম সজল দত্ত, ঘৰ চিলাপথাৰৰ পালপট্টিত ৷ যোৱা মাৰ্চ মাহত এইজন যুৱকে চিলাগাওঁৰ বিমল বৈদ্যৰ ঘৰলৈ নিশা ভাত খোৱাৰ নিমন্ত্ৰণত গৈছিল ৷ আৰু নৱবিবাহিতা কইনাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে সজল দত্তৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ ৷ আৰু ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰিল অভিযুক্ত সজল দত্ত ৷
পিছত সজলৰ কোনো সন্ধান নোলোৱাত বিমল বৈদ্যৰ পৰিয়ালে সজল দত্তক অপহৰণ কৰি হত্যা কৰা বুলি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰে সুজল দত্তৰ পৰিয়ালে ৷ সমান্তৰালভাবে সুজল দত্তৰ মৃতদেহ বিচাৰি অভিযানো আৰম্ভ কৰে চিলাপথাৰ আৰক্ষীয়ে ৷ সুজল দত্তৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিনিমাহ জেল হাজোতলৈকো প্ৰেৰণ কৰে বিমল বৈদ্য আৰু পিতৃক ৷
কিন্তু শেহতীয়াকৈ বিমল বৈদ্যৰ পৰিয়ালে কিবাকৈ সম্ভেদ লাভ কৰিছিল সুজল দত্তৰ ৷ আনকি সংগ্ৰহো কৰিছিল সুজল দত্তই ব্যৱহাৰ কৰা ফোন নম্বৰ ৷ ধেমাজি আৰক্ষীয়ে ফোন নম্বৰ ট্ৰেকিং কৰি গম পাই যে সেই ফোন নম্বৰটো বৰ্তমান মহাৰাষ্ট্ৰত আৰু সেই ফোন নম্বৰটোৰ পৰা কৃষক শ্ৰমিক এক্সপ্ৰেছৰে ডিব্ৰুগড়লৈ ৰে’লৰ টিকট কটাৰো খবৰ লাভ কৰে ধেমাজি আৰক্ষীয়ে ৷
ডিব্ৰুগড় ষ্টেচন পোৱাৰ পিচৰে পৰা ধেমাজি আৰক্ষীয়ে সুজল দত্তক একপ্ৰকাৰ নজৰ বন্দী কৰি চিলাপথাৰৰ হোটেল ব্ৰক্ষ্মপুত্ৰত কোৱাৰেণ্টাইনত ৰখাৰ পিছত বুধবাৰে এসপ্তাহৰ কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সজল দত্তক ৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|