১৭ লাখ মহিলালৈ বছৰি ১০ হাজাৰকৈ টকা, পিছে ঘৰত এইবোৰ সম্পত্তি থাকিলে নাপাব এই সুবিধা

News18 Assam | News18-Assam
Updated:August 12, 2020, 11:36 PM IST
১৭ লাখ মহিলালৈ বছৰি ১০ হাজাৰকৈ টকা, পিছে ঘৰত এইবোৰ সম্পত্তি থাকিলে নাপাব এই সুবিধা
অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত

  • Share this:
ৰাজ্য চৰকাৰৰ ঘোষণা কৰিলে অৰুণোদয় নামেৰে এখন নতুন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰায় ১৭ লাখ মহিলাই বছৰি পাব ১০ হাজাৰকৈ টকা। বুধবাৰে অৰুণোদয় আঁচনি সম্পৰ্কত সবিশেষ জনাই বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থনৈতিক সক্ষমতা আৰু মহিলাসকলৰ সামাজিক সৱলীকৰণৰ বাবে এই আঁচনিখনক বৃহত্তম পদক্ষেপ  বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ বাবে ২০২০-২০২১  বিত্তীয় বৰ্ষত মুঠ ২,৮০০,০০ কোটি টকা ধাৰ্য্য কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্ত বিভাগৰ যোগেদি এই অৰুণোদয় আঁচনি ৰূপায়ণ হ’ব। এটা পৰিয়ালৰ মহিলা সকল হ’ব এই আঁচনিৰ প্ৰাথমিক হিতাধিকাৰী। অসমৰ প্ৰায় ১৭ লাখ পৰিয়ালে প্ৰতিমাহে ৮৩০ টকাকৈ বছৰেকত মুঠ দহ হাজাৰ টকা লাভ কৰিব।



বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, হিতাধিকাৰীয়ে ঔষধ ক্ৰয় কৰিবলৈ ৪০০ টকা, ৪ কেজি ৰেচনৰ বাবে ৫০% ৰাজ সাহায্যসহ ২০০ টকা, ৪ কেজি চেনীৰ বাবে ৫০% ৰাজ সাহায্যসহ ৮০ টকা, ফল-মূল আৰু শাক-পাচলিৰ বাবদ ১৫০ টকাকৈ মুঠ ৮৩০ টকা লাভ কৰিব চৰকাৰৰ পৰা।

দুই লাখতকৈ কম ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ’ব ১৫ হাজাৰ, আৰু দুই লাখতকৈ বেছি ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ’ব মুঠ ১৭ হাজাৰ। সমগ্ৰ অসমত মুঠ ১৭ লাখ হিতাধিকাৰী হ’ব বুলি আশা কৰিছে চৰকাৰে।

অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে থাকিব বিশেষ কিছু চৰ্তঃ


  •  এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় ২ লাখতকৈ বেছি হ’ব নোৱাৰিব।

  • বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, পঞ্চায়তৰ সদস্য, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু কোম্পানীৰ চাকৰিয়াল থকা পৰিয়ালে নাপাব এই আঁচনিৰ ধন।

  • চিকিৎসক, চাৰ্টাৰ্ড একউণ্টেন, স্থাপত্যবিদ, অধিবক্তা, চৰকাৰী ঠিকাদাৰ আৰু আয়কৰ পৰিশোধ কৰা লোকৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন।

  • ঠিক তেনে ধৰনে চাৰিচকীয়া গাড়ী, ফ্ৰীজ, ৱাশ্বিং মেচিন আৰু এ চি থকা পৰিয়ালেও নাপাই অৰুণোদয় আঁচনিৰ ধন।

Published by: Himangshu Bhuyan
First published: August 12, 2020, 8:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading