NRCত নাম নথকা মানুহেও বিধানসভাৰ নিৰ্বাচনত ভোট দিব পাৰিব, যদিহে পূৰণ কৰে এইটো চৰ্ত, জানক সবিশেষ

বুধবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা সকলেও আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব।
বুধবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা সকলেও আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব।
- News18 Assam
- Last Updated: January 21, 2021, 10:48 PM IST
আৰোৰাই ২০১৯ৰ ২৯ আগষ্টৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এখন জাননীক উদ্ধৃতি দি কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা সকলক বিদেশী বুলি ঘোষণা কৰা হোৱা নাই। গতিকে যাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাই, তেওঁলোকেও আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
উল্লেখ্য যে, ২০১৯ৰ ৩০ আগষ্টত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল। য'ত প্ৰায় ১৯.০৬ লাখ লোকৰ নাম তালিকাৰ পৰা বাদ পৰিছিল।