মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অটোৰিক্সাৰ চকা চলিলেহে পেট চলে, ঘৰলৈ হুমুনিয়াহৰ ঠাইত যায় এমোকোৰা হাঁহি...

অটোৰিক্সাৰ চকা চলিলেহে পেট চলে, ঘৰলৈ হুমুনিয়াহৰ ঠাইত যায় এমোকোৰা হাঁহি...

News18 Assam | News18-Assam
Updated:October 12, 2021, 9:01 PM IST
অটোৰিক্সাৰ চকা চলিলেহে পেট চলে, ঘৰলৈ হুমুনিয়াহৰ ঠাইত যায় এমোকোৰা হাঁহি...
পূজাৰ বতৰত বনজিৎ,দীপক,আনছেৰ,মৃগেনহঁতৰ অনুভৱ কি? 

পূজাৰ বতৰত বনজিৎ,দীপক,আনছেৰ,মৃগেনহঁতৰ অনুভৱ কি? 

  • Share this:

বতৰ এতিয়া আনন্দ–উৎসৱৰ ৷ শাৰদীয় দুৰ্গোৎসৱ ভক্তি আৰু আনন্দৰে পাৰ কৰাৰ বতৰ ৷ পিছে বহুতৰে বাবে এইবাৰৰ পূজা আগৰ দৰে হৈ থকা নাই ৷ বনজিৎ, দীপক, মৃগেনহঁতৰ পূজাৰ আনন্দক নিৰানন্দ কৰিছে সময়ে ৷ পূজাৰ বতৰত যাত্ৰীৰ বাবে বোন্দাপৰ দিবলগীয়া হৈছে বনজিতহঁতে ৷ বনজিতহঁতৰ অটোৰ যাত্ৰী হ'ব কোনোবা, পূজাৰ বতৰত ঘৰলৈ কিবা এটা লৈ যাব! সন্ধ্যা পূজা দেখুৱাবলৈ লৈ যাব সন্তান, পৰিয়ালক... কিন্তু সময় এতিয়া বৰ কঠিন ৷ সন্ধ্যাহে যাত্ৰী পায় দীপক, আনছেৰ, বনজিতহঁতে ৷


"আশা এটা লৈয়েই পুৱা ওলাই আহিছোঁ ৷ ল'ৰা-ছোৱালী দুটাই হেঁপাহ কৰে পূজা চাবলৈ ৷ আমি ঘৰলৈ যোৱালৈ ৰৈ থাকিম বুলি কয় ৷ সময় তেতিয়া পাৰ হৈ যায় ৷ পূজা দেখুৱাম বুলি ভাবিও দেখুওৱা নহয় ৷ বেজাৰ আমাৰ লাগিলেও উপায় নাই৷ সিহঁতৰ বাবেই জানো এই গৰমত আশাপালি  ৰৈ থকা নাই? আমাৰ এতিয়া অসুবিধা বহুত, পেট্ৰ'ল এক লিটাৰৰ লগত ম'বিল মিলাই ভৰালে ১২০ টকা খৰচ হয় ৷ তথাপি আমি আশাবাদী ৷ ভাল সময় আকৌ আহিব৷ বাধা–নিষেধবোৰ আঁতৰি যাব ৷" —ক'লে এগৰাকী অটোচালকে।


বনজিতহঁতৰ বাবে ক'ভিডসৃষ্ট পৰিৱেশে সলনি কৰিছে বহু কথা ৷ বনজিতহঁতৰ দৰে সকলোৱে একেষাৰে কৈ দিব পৰা নাই জীৱন জিন্দাবাদ বুলি৷  মৃগেন ডেকা, বয়স প্ৰায় ৪৫ ৷ মৃগেনে কাম কৰিছিল এখন বাৰত ৷ বাৰখন লকডাউনত বন্ধ হ'ল ৷ উপায়হীন হৈ ঘৰ চলাবলৈ মৃগেনে বাছি ল'লে ৰং মিস্ত্ৰীৰ কাম ৷ পূজাৰ বতৰত আনৰ মুখলৈ চাবলগীয়া হৈছে মৃগেনে ৷



মৃগেনে ক'লে, ''কি কৰিম কওক৷ বাৰখনৰ পৰা দৰমহা এটা পাই আছিলোঁ ৷ বাৰখন বন্ধ হোৱাত ঘৰ চলাব নোৱাৰা হৈছোঁ৷ ৰঙৰ কাম সদায় নাপাওঁ ৷ পোৱালিক পূজা বুলি একো এটা কিনি দিব নোৱাৰিলোঁ ৷ কাৰোবাৰ সহায় পাওঁ বুলি গণেশগুৰিলৈকে আহিছোঁ ৷''


সঁচাকৈয়ে পূজাৰ বতৰ এতিয়া সুকীয়া হৈ পৰিছে ৷ সলনি হৈছে আনকি চিনাকি চিনাকি লগা পূজাৰ বজাৰখনৰ কিৰিলিবোৰো৷ এতিয়া মুক্তমুখৰ মিঠা হাঁহিবোৰ ঢাকি পেলালে মাস্কে৷ মাস্ক এতিয়া হৈ পৰিছে মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ ৷


আজিকালি মণিহাৰী দোকানত লিপষ্টিককে ধৰি মেক আপ সামগ্ৰীৰ বিক্ৰী কম ৷ যি কিনে হেনো অনলাইনতহে কিনে ৷ জনালে এগৰাকী বিক্ৰেতাই ৷ এতিয়া হেনো মণিহাৰী দোকানতো মাস্কৰ বিক্ৰীহে বাঢ়িছে ৷ সকলোৱে হেনো মাস্ক কিনে পিন্ধি থকা কাপোৰযোৰৰ সৈতে মিলাই ৷

Published by: Gautam Barman
First published: October 12, 2021, 9:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি