মেট্ৰিক পৰীক্ষা স্কুলীয়া শিক্ষাৰ আটাইতকৈ শীৰ্ষৰ আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হয়। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলেজীয়া (মহাবিদ্যালয়)ৰ শিক্ষা আৰম্ভ হয়। মেট্ৰিক পৰীক্ষাত প্ৰাপ্ত হোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে মহাবিদ্যালয়ত নাম ভৰ্তি প্ৰক্ৰিয়া হয়। কিন্তু নতুন শিক্ষানীতি, ২০২০ৰ আধাৰত মেট্ৰিক পৰীক্ষাৰ বৈশিষ্টৰ বহু সলনি হৈছে।
উল্লেখ্য যে, চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতিৰ অধীনত অনুষ্ঠিত হ’ব লগা মেট্ৰিক পৰীক্ষাত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ এক নম্বৰৰ প্ৰশ্ন থাকিব। এই নীতি অনুসৰি এইবাৰৰ পৰা ১০০ নম্বৰৰ মেট্ৰিক পৰীক্ষাত ৪৫ নম্বৰৰ অবজেকটিভ (বিকল্পধৰ্মী), ৪৫ নম্বৰৰ থিয়ৰী (বৰ্ণনাধৰ্মী) আৰু ১০ নম্বৰৰ ইণ্টাৰনেল এছেছমেণ্ট (আভ্যন্তৰীণ মূল্যায়ন) থাকিব।
ইয়াৰোপৰি, প্ৰথমবাৰৰ বাবে গণিত বিষয়ত উত্তৰ বহীৰ সোঁফালে আছুতীয়াকৈ উত্তৰ কৰিব পৰা ঠাই থাকিব।
উল্লেখযোগ্য যে, পৰৱৰ্তী মেট্ৰিক পৰীক্ষা ২০২৩ বৰ্ষৰ মাৰ্চৰ প্ৰথম সপ্তাহত আৰম্ভ হ’ব। এই পৰীক্ষাৰ ফলাফল বহাগ বিহুৰ পিছত ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, পূৰ্বৰ দৰেই মেট্ৰিক পৰীক্ষাৰ শীৰ্ষ দহটা স্থান থাকিব। মন কৰিবলগীয়া যে, ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে বিগত ২০২০ চনৰ ২৯ জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ক অনুমোদন জনায়। ১৯৮৬ চনৰ শিক্ষা নীতিৰ পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ প্ৰৱৰ্তন কৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ এ পুৰণি ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৪৮৪ পৃষ্ঠাযুক্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাত উল্লেখ আছে।দশম শ্ৰেণীৰ বাবে পৰশ(PARAKH) নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব বুলিও খচৰাখনত উল্লেখ আছিল। পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 30, 2022, 13:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।