মুখ্যপৃষ্ঠা »খবৰ »অসম »ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ লাটমণ্ডল বাইদেউ

ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ লাটমণ্ডল বাইদেউ

ঘোচ লোৱাৰ অভিযোগত ৰাজ্যত ইতিমধ্যে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘোচ লোৱাৰ অভিযোগত ৰাজ্যত ইতিমধ্যে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘোচ লোৱাৰ অভিযোগত ৰাজ্যত ইতিমধ্যে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

  • Share this:
ঘোচ লোৱাৰ ক্ষেত্ৰত লাট মণ্ডল পদবীৰ মৰ্যাদা পুনৰ হানি। ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰু এগৰাকী লাট মণ্ডল।

কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডলগৰাকী গীতাঞ্জলি ডেকা দাস। তথ্য অনুসৰি এগৰাকী ব্যক্তিৰ পৰা তেওঁ মাটি বিক্ৰীৰ অনুমতি প্ৰদানৰ বাবে উৎকোচ বিচাৰিছিল আৰু ব্যক্তিগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে।



আজি উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে লাটমণ্ডলগৰাকীক কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই। উল্লেখ্য, ঘোচ লোৱাৰ অভিযোগত ৰাজ্যত ইতিমধ্যে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এইক্ষেত্ৰত লাট মণ্ডলৰ সংখ্যা সৰ্বাধিক।

শেহতীয়া বাতৰি