কোটি টকাৰ সম্পত্তিৰ মালিক হ’ল এটা বান্দৰ, বিয়াত পাব প্ৰসাদোপম অট্টালিকা
News18-Assam Updated:July 19, 2019, 5:28 PM IST

শিলচৰৰ বাসিন্দা শুভ্ৰাংশু শেখৰ নাথে এটা মিণ্টু নামৰ বান্দৰৰ বাবে অট্টালিকা তৈয়াৰ কৰিব। এই অট্টালিকাটো বিয়াত তাক উপহাৰ হিচাপে প্ৰদান কৰা হ’ব।
শিলচৰৰ বাসিন্দা শুভ্ৰাংশু শেখৰ নাথে এটা মিণ্টু নামৰ বান্দৰৰ বাবে অট্টালিকা তৈয়াৰ কৰিব। এই অট্টালিকাটো বিয়াত তাক উপহাৰ হিচাপে প্ৰদান কৰা হ’ব।
- News18 Assam
- Last Updated: July 19, 2019, 5:28 PM IST

বান্দৰটোৱে আঁতৰালে বিদেশলৈ যোৱাৰ হেঁপাহ
আচলতে, কানাডাত বাস কৰে শুভ্ৰাংশু শেখৰৰ পৰিয়াল। তেওঁ ২৪ বছৰ পূৰ্বে ইঞ্জিনিয়াৰ হিচাপে কানাডাত কাম কৰিছিল। কিন্তু যেতিয়া তেওঁৰ মন নবহা হয় তেওঁ ভাৰতলৈ ঘূৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াত শিলচৰৰ স্থায়ী ঘৰত তেওঁৰ চিনাকী হ’ল মিণ্টু বাবু নামৰ বান্দৰটোৰ সৈতে। মিণ্টুক লগ পোৱাৰ পিছৰে পৰা তেওঁৰ বিদেশ যোৱা হেঁপাহো আঁতৰিল। শুভ্ৰাংশুই এই বান্দৰটোক নিজৰ পুত্ৰ আৰু ভাতৃৰ দৰে মৰম কৰিছিল।

বিয়াত উপহাৰ হিচাপে দিয়া হ’ব অট্টালিকা
মিণ্টু বাবুৰ জন্ম হৈছিল ২০১৭ৰ ২৮ ফেব্ৰুৱাৰীত। বিগত ২ বছৰত মৰম আৰু সমমৰ্মিতাৰ বান্ধোনেৰে বান্ধ খাই মিন্টু আৰু শুভ্ৰাংশু দুয়োৰে জীৱন সলনি হৈছে। শুভ্ৰাংশু শেখৰে মিণ্টুৰ বাবে কিছু কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ মিণ্টুৰ বাবে এটা অট্টালিকা সাজিবলৈ প্ৰস্তুতি চলায়। ইমানেই নহয় শুভ্ৰাংসুয়ে বান্দৰটোৰ বিয়াৰ বাবে মেকী নামৰ এজনী মাইকী বান্দৰো বিচাৰি উলিয়াইছে। কানাডাৰ পৰা শুভ্ৰাংশুৰ পৰিয়াল উভতাৰ পিছতে মিণ্টুৰ বিয়াখন ধুমধামেৰে আয়োজন কৰা হ’ব। বিয়াৰ পিছত মিণ্টু আৰু মেকীৰ বিয়াৰ উপহাৰ হিচাপে দিয়া হ’ব এই অট্টালিকা।