• Home
  • »
  • News
  • »
  • assam
  • »
  • Flood|Assam|Bajali : বজালীৰ নয়াপাৰাত পহুমাৰা নৈৰ মথাউৰি ছিঙি মহাপ্লাৱনৰ সূচনা। দুবাৰকৈ বানে ধুই নিয়া কৃষিপথাৰত তৃতীয়টো বান।

Flood|Assam|Bajali : বজালীৰ নয়াপাৰাত পহুমাৰা নৈৰ মথাউৰি ছিঙি মহাপ্লাৱনৰ সূচনা। দুবাৰকৈ বানে ধুই নিয়া কৃষিপথাৰত তৃতীয়টো বান।

Flood in Bajali : বজালীৰ নয়াপাৰাত বানৰ ভয়াবহ পৰিস্থিতি। নিৰ্মাণৰত ৰিং বান্ধ চিঙি নিলে পহুমাৰাৰ  প্ৰলয়ংকাৰী বানে। আতংকিত নয়াপাৰাৰ ৰাইজ। এবুকু পানীৰ মাজত নিজৰ জীৱনকো তুচ্ছ কৰি কৃষকে তুলিছে কঠিয়া।

Flood in Bajali : বজালীৰ নয়াপাৰাত বানৰ ভয়াবহ পৰিস্থিতি। নিৰ্মাণৰত ৰিং বান্ধ চিঙি নিলে পহুমাৰাৰ  প্ৰলয়ংকাৰী বানে। আতংকিত নয়াপাৰাৰ ৰাইজ। এবুকু পানীৰ মাজত নিজৰ জীৱনকো তুচ্ছ কৰি কৃষকে তুলিছে কঠিয়া।

Flood in Bajali : বজালীৰ নয়াপাৰাত বানৰ ভয়াবহ পৰিস্থিতি। নিৰ্মাণৰত ৰিং বান্ধ চিঙি নিলে পহুমাৰাৰ  প্ৰলয়ংকাৰী বানে। আতংকিত নয়াপাৰাৰ ৰাইজ। এবুকু পানীৰ মাজত নিজৰ জীৱনকো তুচ্ছ কৰি কৃষকে তুলিছে কঠিয়া।

  • Share this:
বজালীৰ নয়াপাৰাত এতিয়া মহাপ্ৰলয়। পহুমাৰা নৈ (Pahumara River)ৰ তৃতীয়টো বানে ঠান-বান কৰিলে কৃষকৰ সপোন। ১৬ জুনত পহুমাৰা নৈৰ মথাউৰি ছিঙি নয়াপাৰাত ভয়ংকৰ বানৰ সৃষ্টি কৰিছিল। যাৰ ফলত নয়াপাৰাত প্ৰায় দহটা পৰিয়াল গৃহহীন হৈ পৰাৰ উপৰি বিস্তৰ কৃষিভূমি বালিয়ে পুতি পেলাইছিল। বড়ো ধানৰ খেতি বানে ধুই নিছিল।

নয়াপাৰাৰ বান বিধস্ত অঞ্চলৰ বুজ লোৱাৰ বাবে নয়াপাৰাত ৰাজ্যৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই উপস্থিত হৈ বানপীড়িত লোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইয়াৰ পিছত বান বিধস্ত কৃষিভূমিত কপালৰ ঘাম মাটিত পেলাই কৃষক সকলে অশেষ শ্ৰম কৰি শালিখেতিৰ কঠিয়া ৰোপন কৰিছিল । বহুতে বানত বিধস্ত হোৱা ঘৰলৈ মথাউৰিৰ পৰা উভতি গৈ সপোনৰ ঘৰখন পুনৰ সজোৱাৰ বাবে চেষ্টা চলাইছিল। বহু পৰিয়াল কিন্তু ১৬ জুনৰ পৰা আজিলৈ পহুমাৰা নৈৰ মথাউৰিতে আশ্ৰয় লৈ আছিল।

ইয়াৰ পিছত বজালী জিলা (Bajali District) প্ৰশাসনে নয়াপাৰাত ৰিং বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দিনে নিশাই চলি আছিল ৰিং বান্ধ নিৰ্মাণৰ কাম। আৰু দুই এদিনত ৰিং বান্ধৰ কাম সম্পূর্ণ হ'লহেতেন। কিন্তু আজি দুপৰীয়া ভূটান (Bhutan)ৰ পানী পহুমাৰা নৈৰে প্ৰবাহিত হোৱাত পহুমাৰা নৈৰ জলস্তৰ বিপদসীমাৰ বহু ওপৰৰে ববলৈ লয়। ইয়াৰ পিছত নয়াপাৰাৰ ৰিং বান্ধলৈ পহুমাৰা নৈৰ পানীয়ে বিপদ কঢ়িয়াই আনে। হঠাৎ নয়াপাৰাৰ ৰিং বান্ধ ভাঙি নয়াপাৰাৰ বিস্তীর্ণ এলাকাত তিনি-চাৰি ফুট ওপৰলৈ বানপানী উঠিবলৈ লয়। নয়াপাৰাৰ লগতে ইয়াৰ সমীপৰ বহু গাৱৰ লোক সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থান, মথাউৰি আদিলৈ  ধাৱমান হয়।

ইপিনে তৃতীয়টো বানৰ পিছতে মূৰে-কপালে হাত দিছে কৃষকে। কৃষিজীৱী লোকসকলৰ  চকুলো নিগৰি থকা দৃশ্য প্ৰকৃততে বৰ দুঃখজনক। বানত সৰ্বস্বান্ত হোৱা নয়াপাৰাৰ কৃষকে এবুকু পানীৰ মাজতে নিজৰ খেতিপথাৰৰ পৰা সাধ্যানুসৰি কঠিয়া উদ্ধাৰ কৰা দেখা গৈছে। প্ৰলয়ংকৰী বানৰ মাজতো ভবিষ্যৎ জীৱনক লৈ চিন্তিত হৈ পৰা এজন বয়োজ্যেষ্ঠ কৃষকে মৰণত শৰণ দি পানীৰ মাজে মাজে খেতি কৰাৰ সপোন লৈ কঠিয়া সংগ্রহ কৰা দৃশ্য অতি হৃদয়বিদাৰক।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি